অপ্রত্যাশিত কবিতাটো

আপুনি বাৰু কবিতাৰ চুৰ দেখিছে নে?
দেখিছে নে শিৰোনামৰ শব্দ গাঁঠনিৰ
মাইল খুঁটা ইফাল-সিফাল কৰা
চকু চাট মাৰি ধৰিব, নিজকে অনুভৱ হ’ব
এৰাল চিগা গৰুৰ দৰে, আঁতহেৰুৱাব
ঘটিছে কি…?
নকৰিবা চোন তেনে
নিজক চহকী কৰাৰ অজুহাতত
নাভাঙিবা চোন বিশ্বাস নিজৰ মাজত ।
এৰা, কবিতাৰো থাকে একোটা জীৱন
য’ত থাকে প্ৰেম,মৰম,ভালপোৱা
অথবা দুখ-সুখৰ একোখন জীয়া ছবি…!
ক’ত যে বন্ধা থাকে চেনেহৰ একোডাল জৰী
হৃদয়ৰ পৰা হৃদয়লৈ…
হাতযোৰ কৰিছোঁ আপোনাক,আপোনালোকক
আৰু তোমাক; আগলৈও কৰি যাম…
ঈশ্বৰ নামৰ আদালতত সাক্ষী আছে
আইনি মেৰপাকত যে কবিতা চোৰক
বন্দী কৰিব নোখোজে…
উচিত প্ৰমাণো হৈ পৰে এখিলা উকা কাগজ…!
আচলতে দুখীবানো কাক
“সভ্যতা, তুমি কিমান আগবাঢ়িবা…?”
আই বুলিলেও জগৰ, বোপাই বুলিলেও জগৰ
কিম্বা…পয়ালগা ! তথাপিও…
ফ্ৰিজ(Please)অকণমান শুনিব চোন ডাঙৰীয়া
এষাৰ মাত দিবচোন, আমাৰ বাবেও
শুনিব চোন কবিৰ কবিতাৰ কান্দোন,
যদি সময় হয়….অনুৰোধ কৰিছোঁ!
ঠিকে আপোনাক কৈছোঁ…
একোজন কবিৰ কবিতাক চুৰি নকৰিব।
দিনক ৰাতি কৰি ৰ’দ-বৰষুণ নেউচি,
জন্ম দিয়ে; একোজন কবিয়ে…
একোটা কবিতা নামৰ সন্তান
কেতিয়াবা কবি বিৰহত চত ফটাই মৰে
কেতিয়াবা উজাগৰি কটায়
আৰু কেতিয়াবা আবেগত
আপোন পাহৰা হৈ পৰে জন্ম দিয়াৰ মানসেৰে…!
কোনোদিন নিবিচাৰে মখমলৰ পালেং
নিজৰ স’তে নিতৌও যুদ্ধ কৰে
কবিয়ে, যি দৰে কঢ়িয়াই লৈ ফুৰে
এগৰাকী মাতৃয়ে ন-মাহ দহ-দিন গৰ্ভত
একোটা সন্তান, ঠিক সেইদৰে…!
আকৌ কৈছোঁ ফুলিবলৈ দিবা চোন
কবিতাবোৰক…ফুলহৈ
চুৰ কৰি হাত-ভৰি-মূৰ
অস্ত্ৰো-প্ৰচাৰ প্লিজ(Please)নকৰিব,
নলগাব যতে-ত’তে
বৰ কষ্ট পায়…অ’
জানাই চোন একোটা কবিতা জন্ম দিয়া মাত্ৰ কবিজন ভিতৰি মৃত্যু হয়…!
পুনৰ কৈছোঁ কবিতা চোৰৰ অভাৱ নাই
আনৰ কবিতাক নিজৰ সজায়
বাহঃ বাহঃ লোৱাৰ অভ্যাস নাই।

— দুৰ্ল্লভ সোণোৱাল।
২৩/০৪/২০২৪

আজীৱন….

কাৰ মাতত কোনে সাৰে থাকে উজাগৰি…
এই যে মাজ নিশাৰ বৰষুণৰ গান
কেতিয়াবা শুনিছা,
আচলতে এইয়া সুখৰ নে দুখৰ!
ৰাতিবোৰ গভীৰ সেয়ে হয়তো
সময়বোৰে ঠেহ ধৰে আৰু মোক
অকলশৰীয়া কৰি থৈ গুছি যায়…
দি যায় বুকুত এটুকুৰা ঘাঁ
আজীৱন…
কোৱা চোন কোৱা কি দৰে
জীয়াই থাকোঁ তোমাৰ অবিহনে 🥲
—দুৰ্ল্লভ সোণোৱাল।

১৮/০৪/২০২৪

দুলীয়াজান শুকুতা চাৰি আলি

অসমীয়াৰ আৱেগ, লোকাচাৰ আৰু জন বিশ্বাস ব’হাগ বিহুঃ ৰঙালীৰ এমুঠি ভাল লগা

উহ্ ব’হাগ! কি নাই এইটো মাহত!দেহ সাত পৰি যায়।অত দিনে বুকুত বিষ হৈ বাগৰি থকা ধপধপনিবোৰ কেনিবা পলাই। কিযে বিনন্দীয়া ব’হাগ। বিহুত কোনোবা ঘৰলৈ আহিব বুলি ৰৈ থকা ভাল লগাখিনি, কাৰোবাক যাঁচি দিয়া বিহুৱানখনি,বিহু বুলি কাৰোবালৈ উপহাৰ লোৱাৰ মুহূৰ্তখিনি, জেতুকাৰে ৰাঙলী হৈ কুলি চৰাইজনীৰ মাতত মতলীয়া হৈ পৰা সময়খিনি কি যে…দিগলতী, মাখিয়তী, টংলতী বিচাৰি নদীৰ পাৰত, বাৰীৰ ঢাপত ধাপলি মেলাৰ সময়খিনি…তঁৰা পঁঘা তৈয়াৰ কৰা,মাহ-হালধী পিহাৰ পৰা চাক সাঁজালৈ ৰঙালীৰ এমুঠি কিযে ভাল লগা… ।
      আচলতে অসম আৰু অসমীয়া, ব’হাগ মানেই ৰঙালী।  সৰুৰে পৰা বৰ্তমান সময়লৈ অসমৰ জাতীয় উৎসৱ এই বাক্যটোৱেই বিহুৰ বিষয়ে মই পঢ়া প্রথম বাক্য। যি আজিও নিভাঁজ। জাতীয় উৎসৱ হিচাপে আমাৰ জাতিটোৰ বিহুৰ প্রতি যথেষ্ট কৰণীয় আছে তাৰ বাবে বিভিন্ন প্ৰচেষ্টা অব্যাহত আছে। বিহু সম্পর্কে কিতাপ-আলোচনীত বহু লেখা প্রকাশিত হৈছে লগতে অতীতৰ বিহু আৰু এতিয়াৰ বিহু সম্পর্কেও চৰ্চা অব্যাহত আছে। তথাপি কোনোবা খিনিত বিহু শব্দটো আমাৰ বুকুৰ কুটুম,আৱেগৰ লগত জড়িত, ই আনন্দ-স্ফূর্তি আৰু সম্প্রীতিৰ বাহক। বিশেষকৈ ব’হাগ বা ৰঙালী বিহু মানেই আনন্দ, নাচ-গান, জীৱন-যৌৱনৰ এমুঠি ভাল লগা যেন জীৱনটো উদযাপনৰ পূর্ণ সুযোগ এই ৰঙে সকলো দি যায়… জড়-জীৱ বুলি কোনো কথা নাই। কেৱল মানুহৰ বাবেই এই বিহুনে…? বুলি ক’লে হয়তো আমাৰ ভুল হ’ব, প্রকৃতিয়েও যেন এই বিহুলৈকে ৰৈ থাকে ন সাজ পৰিধান, ন ৰূপৰ অপেক্ষাত… সেয়ে লঠঙা বিৰিষে সেউজীয়া হৈ ৰঙীন হয়। এইযে লেখনিটোৰ  শিৰোনামত উল্লেখ কৰিছোঁ অসমীয়াৰ আৱেগ, ৰঙালীৰ এমুঠি ভাল লগা… আচলতে অসমীয়াৰ আৱেগ বেছি তথাপি আমি বাৰু বেছি আৱেগত উটি-ভাহি যাওঁ নেকি বাৰু? আৰু এই ধৰা ৰঙালীৰ এমুঠি ভাল লগা…আমি বাৰু জোখতকৈ বেছি ভাল পাই পেলাও নেকি? কোনো যেন বিতৰ্ক নকৰে কথাৰ কথাটো হে কৈছোঁ। আচলতে এই যে আমাৰ আৱেগ/ভাল লগা ইয়াক বাৰু অকল আৱেগতে ৰাখিলে জানো অসম আৰু অসমীয়াৰ সংস্কৃতি জীয়াই থাকিব আৰু ভাল লগাবোৰ জানো মনতে ভাল লগাই থাকিলে হ’ব… আৱেগত আৰু ভাল লগাৰ মাজতে কথাৰ মহঙা মাৰি নিজকে এচামে বৰ মহান দেখুৱাই উটি-ভাহি যায় । এইদৰে উটি-ভাহি যোৱাতকৈ বৈজ্ঞানিক ভিত্তি সম্পর্কেও চিন্তা-চৰ্চা কৰা চোৱা উচিত। যদিওবা কিছু সম্ভৱ ইয়াৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে মূলতঃ ইয়াৰ উন্নত মানদণ্ডৰ তথ্যৰ ভিত্তিত গৱেষণাৰ আৱশ্যক।
“বিহু” অসমৰ জাতীয় উৎসৱ। “বিহু” শব্দৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে বিভিন্ন জনে বিভিন্ন মত আগবঢ়ালেও এটা কথাত একমত প্রকাশ কৰি ক’ব পাৰি যে সংস্কৃত “বিষুৱৎ” শব্দৰ পৰা “বিহু” শব্দৰ উদ্ভৱ হৈছে। বিহু মূলতঃ ঋতুকালীন কৃষিভিত্তিক উৎসৱ।
      বছৰৰ ভিন ভিন সময়ত ভিন ভিন ঋতুত অসমীয়াই তিনিটা বিহু পালন কৰে। এই তিনিটা হ’ল-ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু।
     কৃষিৰ আৰম্ভণিতে অৰ্থাৎ চ’ত-ব’হাগ মাহত ৰঙালী বিহু, ৰোৱা ধানে ঠন ধৰি উঠাৰ সময়ত অৰ্থাৎ আহিন-কাতি মাহৰ সংক্রান্তিত কাতি বিহু আৰু খেতি চপাই সোণগুটিৰে ভঁৰাল উপচি পৰা সময়ত অৰ্থাৎ পুহ-মাঘৰ সংক্রান্তিত মাঘ বিহু পালন কৰা হয়।
      ব’হাগ বিহু বা ৰঙালী বিহু তিনিওটা বিহুৰ ভিতৰত প্রধান। বসন্ত ঋতুত উদযাপিত এই বিহুত প্রকৃতিয়ে বৰণ সলায়।বসন্তৰ আগমনত প্রথমজাক বৰষুণ পৰাৰ লগে লগেই বসুমতী ঋতুমতী হয়, গছ-লতিকাত কুঁহিপাত ওলায়, প্রকৃতি ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে।
     প্রকৃতিৰ বিনন্দীয়া ৰূপত ডেকা-গাভৰুৰ মনত প্রেম-প্রীতিৰ ভাৱ জাগি উঠে; মন কমোৱা তুলাৰ দৰে দূৰ-দিগন্তলৈ উৰা মাৰে। জনবিশ্বাসমতে ডেকা- গাভৰুৱে মুকলি পথাৰত গৈ প্রেম-যৌৱনৰ গীতেৰে পুৰুষ স্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্রকৃতি(পৃ্থিৱী)ক উত্তেজিত কৰি বৰষুণৰ দ্বাৰা মিলন ঘটাই বসুমতী শস্যসম্ভৱা হোৱাৰ যি প্রক্রিয়া তাতেই ৰঙালী বিহুৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে। ব’হাগ বিহুৰ লগত ৰং-তামাচা, নৃত্য-গীতৰ লগতে বহুতো ৰীতি-নীতি, লোকাচাৰ আৰু জনবিশ্বাস জড়িত হৈ আছে।ব’হাগ বিহু বা ৰঙালী বিহু চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয়। চ’তৰ মাজমানৰ পৰাই বিহুৰ প্রস্তুতি চলে বাবে ইয়াক চ’তৰ বিহু নামেৰেও জনা যায়।
          সাতদিনৰ বিহুৰ প্রত্যেকৰে সুকীয়া নাম—
সেয়া হৈছে—
১) গৰু বিহু,
২) মানুহ বিহু,
৩) গোঁসাই বিহু,
৪) তাঁতৰ বিহু,
৫) নাঙলৰ বিহু,
৬)জীয়ৰী বা চেনেহী বিহু আৰু
৭) চেৰা বিহু।
    এই সাতটা বিহুকে “সাতবিহু” নামে জনা যায়। আজিকালি অৱশ্যে বিহু সাতদিনহে পালন কৰে, এনে নহয়; গাঁৱে-ভূঞে, নগৰে-চহৰে বিহু গোটেই ব’হাগ মাহ ধৰি চলি থাকে। কেতিয়াবা জেঠমাহ পৰ্যন্ত পাইগৈ। প্রথম কেইদিনৰ বাদে বাকী দিনবোৰত বিশেষ নিয়ম-নীতি পালন কৰা নহয়। ব’হাগ বিহুৰ প্রথম দিনটো অৰ্থাৎ চ’তৰ সংক্রান্তিৰ দিনা অসমীয়া জনজীৱনৰ কৃষিকৰ্মৰ প্রধান সম্বল গৰুৰ নামত উছৰ্গা কৰি “গৰু বিহু” হিচাপে পালন কৰা হয়। সেই দিনা গৰুক গো-লক্ষ্মী হিচাপে জ্ঞান কৰি পূজা-অৰ্চনা কৰা হয়। সেইদিনা ৰাতিপু্ৱাই গৰু-ম’হক পটাত পিহি লোৱা মাহ-হালধিৰে নোৱাই, শিঙত তেল সানি,কপালত ফোঁট দি দীঘলতি আৰু মাখিয়তীৰ ঠাৰিৰে কোবাই ওচৰৰে নৈ, বিল বা পুখুৰীলৈ নি একেলগে হৰিধ্বনি দি সমূহীয়াভাৱে গা ধুৱায় আৰু লগত “চাট”(ত্ৰিশূলাকৃতিৰ বাঁহৰ মিহি শলা)ত সী নিয়া লাউ, বেঙেনা, কেৰেলা, থেকেৰা, তিঁয়হ, হালধি(কেঁতুৰি) আদি গালৈ দলিয়াই এইদৰে গোৱা হয়—
“লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।।”
       এইদৰে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গা ধুওৱাৰ পিছত গৰুবোৰক পথাৰত মুকলিকৈ চৰিবলৈ এৰি দি চাটত থাকি যোৱা অৱশিষ্ট লাউ বেঙেনাৰে চাটবিলাক আনৰ লগত সলনা-সলনি কৰি ঘৰলৈ আনি ঘৰ বা গোহালিৰ চালত গুঁজি থোৱা হয় আৰু চাটত ৰৈ যোৱা বস্তু দুই এটুকুৰা চোবাই খোৱা হয়। চাটবিলাক আনৰ লগত সলনি কৰিলে অপায়-অমংগল দূৰ হয় আৰু চাটৰ বস্তু খালে বেমাৰ-আজাৰ নহয় বুলি বিশ্বাস কৰা হয়। সাধাৰণতে চাট বোৰ দুই,তিনি,চাৰি সিৰীয়াকৈ ত্ৰিশূলাকৃতিত বনোৱা হয়। জনবিশ্বাস মতে— দেৱাদিদেৱ মহাদেৱৰ সন্তুষ্টিৰ বাবে চাটৰ আকৃতি ত্ৰিশূলাকাৰ কৰা হয়। চাট বিলাক এখন চালনীত এখন আগলি কলপাত পাৰি ঢাকি নিয়া হয় আৰু এডাল পুৰণা পঘা লৈ যোৱা হয়; এই পঘা ডাল গৰু গা ধুওৱাৰ আগতে গৰুৰ তলেদি সৰকাই আনিব লাগে। তেনে কৰিলে গৰুৰ কিবা দোষ থাকিলে দোষমুক্ত হয় বুলি কৃষকসমাজে বিশ্বাস কৰে। গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনী আৰু মৰলীয়া আদি আন আন বন-শাক জ্বলাই ‘যাগ’ দিয়া হয়। যাগৰ ধোঁৱাই গৰু-ম’হক মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ উপৰিও অপদেৱতাক খেদি পঠাই বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰে। ঠাই বিশেষে সাপ আদিৰ পৰা ঘৰচীয়া জীৱ-জন্তুক ৰক্ষা কৰিবলৈ সেইদিনা গোহালিৰ চাৰিওকাষে নহৰু বটা পানী ছটিওৱা হয়। গৰু গোহালিত সোমালে আদৰ-সাদৰ কৰি মাহ হালধি বটাৰে বা সেন্দূৰেৰে কপালত ফোঁট দি নিমখীয়া পিঠা খাবলৈ দিয়া হয় আৰু ডিঙিত নতুন পঘা দিয়া হয়। পঘাডাল সাধাৰণতে মৰাপাটৰ সলনি তৰাৰে তৈয়াৰ কৰা হয়। তঁৰা বেছি যোগাৰ কৰিব নোৱাৰিলে মৰাপাটৰ লগত অকণমান হ’লেও দিব লাগে। তৰাৰ পঘাত তুলসী-দূবৰি গুঁজি দিয়া হয়। এনে কৰিলে গৰুৰ বংশ বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। তাৰপিছত মাখিয়তীৰ পাতেৰে গৰু-ম’হক বিচি দি এইদৰে গোৱা হয়—“মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত।”
      এনে কৰিলে বছৰটোলৈ মহ-ডাঁহৰ পৰা হাত সাৰি থাকিব পাৰি। আমাৰ অসমীয়া সমাজত সেইদিনাৰ পৰাহে নতুন বছৰত বিচনীৰ বা লোৱা নিয়ম। আগতে ল’লে মূৰঘূৰণি হয় বুলি বিশ্বাস কৰা হয়। গৰু বিহুৰ দিনাই গধূলি কাম-বন সামৰি জীয়ৰী-বোৱাৰী সকলে হাতত জেতুকা লয়। সাধাৰণতে জেতুকা পাতৰ লগত পাণ, থেকেৰা, ডালিমৰ কোঁহ, মধুৰিআমৰ কোঁহ আদি মিহলাই পটাত পিহি মিহি কৰি দুহাতৰ তলুৱাত, নখত, ভৰিৰ আঙুলিৰ নখত,ফাঁকত ঘঁহা হয়। কোনো কোনোৱে বেছিকৈ ৰং ধৰিবৰ বাবে ৰাতিটো হাতত বান্ধি থয়। জেতুকাৰ ৰঙে মানুহৰ চৰ্মৰোগ প্ৰতিৰোধ কৰে। নাচনীয়ে বিহুত আজিকালি হাতত জেতুকা লোৱাতো অপৰিহাৰ্য। বিহুৰ বাহিৰে অন্য সময়তো জেতুকা ল’ব পাৰি। গৰু নোৱাবলৈ তৈয়াৰ কৰা মাহ-হালধিৰ অৱশিষ্ট পানী মিহলাই ঘৰৰ ভেটিৰ চাৰিওফালে ছটিয়াই দিয়া হয়। এইদৰে কৰিলে বছৰটোলৈ সাপ আদি নাহে বুলি জনবিশ্বাস আছে। গৰু বিহুৰ পাছদিনা অৰ্থাৎ ব’হাগৰ পহিলা তাৰিখে মানুহ বিহু। নামনি অসমত মানুহ বিহুৰ দিনাক “বৰ দোমাহী” বোলে। মানুহ বিহুৰ দিনা সকলোৱে গা-পা ধুই পৰিয়ালৰ সকলো একেলগ হয় আৰু সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সেইদৰে সৰুক আশীৰ্বাদ দিয়ে।বোৱাৰীয়ে শহুৰ-শাহুক বটাত গামোচা, চেলেং চাদৰ আৰু তামোল-পাণ দি মানধৰি সেৱা কৰে আৰু বিহুৰ জলপান আগবঢ়ায়। তেওঁলোকে আশীৰ্বাদ দিয়াৰ উপৰিও যথসাধ্য উপহাৰ আগবঢ়ায়। বিহুত আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ মাজত আদান-প্ৰদান কৰা প্ৰতিটো উপহাৰকে “বিহুৱান” বোলা হয় যদিও বিহুৱান বুলিলে ঘাইকৈ গামোচাখনকে বুজায়।
      আমাৰ অসমীয়া সমাজত গামোচাখনৰ আদৰ আটাইতকৈ বেছি আৰু ইয়াৰ এক সুকীয়া মান-মৰ্য্যাদা আছে। “অতিকৈ চেনেহৰ ব’হাগৰ বিহুটি” অহাৰ আগতেই অৰ্থাৎ  চ’তৰ পৰাই অসমীয়া জীয়ৰী-বোৱাৰীৰ “মৰমৰ দীঘেদি চেনেহৰ বাণীৰে” চেনেহৰ বিহুৱানখনি বৈ কাটি উলিয়াবলৈ গাত তৎ নাইকিয়া হয়।কিয়নো বিহুৰ পিছত ব’বলৈ থকা কাপোৰ বা বিহুৱান “বিহুচেৰা” বুলি আখ্যা দিয়া হয় আৰু এই বস্ত্ৰ কোনো পুৰুষক দিব নাপায় বুলি বিশ্বাস কৰা হয়। অসমীয়া সমাজত ব’ব কাটিব নজনা তিৰোতাক অকাজী বা থুপৰী বুলি উপহাস কৰা দেখা যায়। বছৰৰ প্ৰথম দিনটোতে ব্ৰাহ্মণ দৈবজ্ঞৰ ওচৰত কৰ্মফল গণনা কৰি কিবা দোষ থাকিলে শান্তিৰ ব্যৱস্থা কৰা হয়। পহিলা ব’হাগৰ পৰাই অসমীয়া নতুন বছৰ আৰম্ভ হয়। নতুন বছৰটো যাতে কোনো বিপদ-বিঘিনি নোহোৱাকৈ ধুমুহা-বৰষুণ,ব্ৰজপাত আদিৰ পৰা ৰক্ষা পৰি সুকলমে শান্তিৰে কটাব পাৰি তাৰ বাবে নতুন বছৰটোৰ প্ৰথম দিনাই দৈৱজ্ঞৰ হতুৱাই নাহৰ পাতত তলৰ মন্ত্ৰটি(শ্লোকটি) লেখি দুৱাৰ মুখত বা ঘৰৰ ছালৰ পানীপচাত বা মূধচত গুঁজি থোৱাৰ নিয়ম—
“দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ
বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে।।”
    গৰু বিহু আৰু মানুহ বিহু দুয়ো দিনাই গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰা আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়া এটা সুন্দৰ পৰম্পৰা। বিহু গীতত কৈছে—
“চ’ততে চকৰি ব’হাগত বগৰী
জেঠতে আমনা ধান,
গৰু বিহুৰ দিনা আশীৰ্বাদ ল’লেহে
বৈকুণ্ঠত পাবাগৈ স্থান।”
    বিহু কেইদিনত ইজনে সিজনক সেৱা-সৎকাৰ কৰা, মৰম চেনেহৰ আদান প্ৰদান কৰা, বন্ধু- বান্ধৱ আলহী-অতিথি আহিলে সোধ-পোচ কৰা, চিৰা-পিঠা, দৈ আদিৰে আপ্যায়ন কৰা আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি আহিছে ।সাধৰণতে গৰু বিহু বা মানুহ বিহু দুয়ো দিনতে দুপৰীয়া গৰম ভাত বনোৱা নহয়। জলপানেৰে চলাই দিয়া হয় নাইবা আগ দিনাৰ পঁইতা ভাতহে খোৱা হয়।
     এইদৰে পঁইতা ভাত খাওঁতে বিচনীৰ বা ল’লে বছৰটোলৈ দেহা জুৰ পৰি থাকে বুলি জনবিশ্বাস আছে।
    গৰু বিহুৰ দিনাই ৰাতিলৈ এশ এবিধ বন-শাক যোগাৰ কৰি আঞ্জা খোৱাৰ নিয়ম। এশ এবিধ শাকৰে তৈয়াৰী ব্যঞ্জন সকলো ৰোগৰ মহৌষধ। সেইদিনা বিহ খালেও ঔষধৰ কাম কৰে বুলি বিশ্বাস কৰা হয়। এশ এবিধ শাক যোগাৰ কৰিব নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয়; ইয়াকে ‘সাতশাকী’ বোলে।
     ৰঙালী বিহুৰ এইবিলাক ৰীতি-নীতি, পৰম্পৰাৰ উপৰিও এটি উল্লেখযোগ্য অনুষ্ঠান হ’ল হুঁচৰি। হুঁচৰি হ’ল আনন্দৰ গীত আৰু নাচৰ অনুষ্ঠান। ইয়াত গাভৰু বা মহিলাৰ স্থান নাই।
     সাধাৰণতে ল’ৰা-ডেকা-বুঢ়া সকলো মিলি হুঁচৰি দল গঠন কৰি ঘৰে ঘৰে গৈ ঢোল, তাল, পেঁপা, গগনা, টকা আদি বাদ্য বজাই ঘোষা-পদ,বিহুনাম গাই বিহুনাচ নাচে। এয়ে হুঁচৰি।
     হুঁচৰিযোৰাত এজন মুখিয়াল মানুহ থাকে। তেওঁক ‘বাৰিক’ বোলে। সাধৰণতে গৰু বিহুৰ দিনা ৰাতিৰ পৰাই হুঁচৰি গোৱা আৰম্ভ হয়। প্ৰথমে গাঁৱৰ ৰাইজ নামঘৰত গোট খাই তামোল-পাণ আগবঢ়াই হৰিধ্বনি দি ঘোষাপদ জোৰে। তাৰপিছত প্ৰথমে গাঁৱৰ গাঁওবুঢ়া বা মুখিয়াল মানুহ ঘৰতে হুঁচৰি আৰম্ভ কৰে। ইয়াকে “হুঁচৰিৰ ঘেতা” মৰা বোলে। বছৰেকৰ মূৰত হুঁচৰিযোৰা আহিলে গৃহস্থই তামোল-পাণৰ শৰাই দি পদূলিৰ পৰাই আগবঢ়াই নিয়াৰ নিয়ম। ৰাইজৰ পদধূলা চোতালত পৰিলে গৃহস্থই ধন্য মানে। হুঁচৰি গোৱা ৰাইজে গ্বহস্থৰ চোতালত প্ৰবেশ কৰি এইদৰে গ্বহস্থৰ কুশল কামনা কৰি গায়—
“গোহালিত গৰু- হৈছে
পুখুৰীত মাছ- হৈছে
বাৰীত তামোল-পাণ- হৈছে
গৃহস্থৰ কুশলৰ অৰ্থে- হৰিবোল”
     এইদৰে জয়ধ্বনি দি চোতালত ঘূৰি ঘূৰি নিৰ্দিষ্ট লয়ত(বিলম্বিত, মধ্য আৰু দ্ৰুত) ঢোল-তাল বজাই ঘোষা পদ গায়। তাৰপিছত “লহৰী”(হাতত ধৰাধৰিকৈ ঘূৰিঘূৰি কৰি খেলা এটা আনন্দৰ অনুষ্ঠান)খেলে। ইয়াৰ পিছত গৃহস্থৰ অনুমতি সাপেক্ষে প্ৰথমে যোজনা, তাৰপিছত ঢোল, তাল, গগনা, পেঁপা, আদি বজাই আৰু বিহুনাম গাই নাচি-বাগি ৰং-তামাচা কৰে আৰু গৃহস্থইও তামোল-পাণ, গামোচা, চেলেং আৰু যথাসাধ্য অৰিহণা আগবঢ়াই ৰাইজৰ আগত আঁঠুলৈ আশীৰ্বাদ গ্ৰহণ কৰে।
   ৰাইজেও হিয়া উজাৰি আশীৰ্বাদ দিয়ে। হুঁচৰিৰ বিভিন্ন ধৰণৰ আশীৰ্বাদৰ উপৰিও ৰাইজে গায়—
“এটা বাটিত নহৰু, এটা বাটিত পনৰু এটা বাতিত খুতৰা শাক
মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক।”
     এইদৰে ৰাইজে গ্বহস্থৰ ঘৰৰ পৰা বিদায় লয়।
মুকলি বিহু—
হুঁচৰিৰ উপৰিও ৰঙালী বিহুৰ আন এটি বিশেষ অনুষঠান হ’ল “মুকলি বিহু” বা “বিহুনাচ”। ইয়াত সাধাৰণতে ডেকা-গাভৰুৱে ভাগ লয়। ইয়াত ঢোল-তাল,পেঁপা, গগনা, সুতুলি, বাঁহী আদি বিভিন্ন বাদ্যযন্ত্ৰৰ উপৰিও বিহুনামৰ পয়োভৰ মন কৰিব লগীয়া।
       ডেকা-গাভৰুৰ মাজত নামৰ কটা-কটি চলে। এইবোৰ যৌৱনৰ গীত, পীৰিতিৰ গীত; কিছুমান যৌনগন্ধী। হ’লেও এইবোৰত নিৰ্মোহ ধেমালি ফুটি উঠিছে। বিহুগীত বা বিহুনামবোৰ অনাখৰী চহা কবিৰ দ্বাৰা ৰচিত আৰু এইবোৰ মৌখিকভাৱে যুগে যুগে চলি আহিছে; কিছুমান একেসুৰ আৰু ঠাচতে নতুনকৈ ৰচিত হ’ব ধৰিছে। অৱশ্যে পৰিৱৰ্তনৰ ঢৌত আগৰ নাম আৰু এতিয়াৰ নামৰ মাজত যথেষ্ট পাৰ্থক্য দেখা যায়।
    ব’হাগ বিহু ৰং ধেমালিৰ উৎসৱ। হুঁচৰি, বিহুনাচ আৰু বিহুনামৰ উপৰিও ব’হাগ বিহুত নানান খেল ধেমালি কৰা দেখা যায়। তাৰ ভিতৰত কণীযুঁজ আৰু কড়িখেল উল্লেখযোগ্য।
     এই দুয়োবিধ খেলেই প্ৰজননৰ প্ৰতীক। বছৰৰ আৰম্ভণিতে খেলা কড়িফুটা মানে ধৰণী সোণালী শইচেৰে নদন-বদন হোৱা আৰু নুফুটা মানেই অনাবৃষ্টি, অতিবৃষ্টি, বন্যা আদিয়ে আগুৰি ধৰা। কড়িখেলত জিকিলে অবিবাহিতজনৰ বিবাহৰ যোগ মিলে বুলি বিশ্বাস কৰা হয়। আহোম স্বৰ্গদেউ সকলৰ দিনতে এইদুবিধ খেলৰ উপৰিও শেনখেল, ম’হযুঁজ, মাল-যুঁজ, হাতী যুঁজ, কুকৰা যুঁজ আদি খেলবোৰে জনপ্ৰিয়তা লাভ কৰি ৰজাঘৰীয়া সন্মান আৰু পৃষ্ঠপোষকতা লাভ কৰিবলৈ সক্ষম হৈছিল।
     ৰংঘৰৰ বাকৰিত এই খেলবোৰ অনুষ্ঠিত হৈছিল আৰু এইবিলাকৰ প্ৰতিযোগিতাও হৈছিল; লগতে ঢুলীয়া-নাচনীৰো প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।
    ব’হাগ বিহুৰ তৃতীয় দিনা গোঁসাই বিহু। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত সমূহীয়া নাম-প্ৰসংগ হয়। পুৰণি বাদ-বিবাদ থকিলে তামোল-পাণ শৰাই দি একৰা-একৰি দণ্ড খৰচা লৈ ৰাইজে মিট-মাট কৰি দিয়ে। অসমীয়া জন-জীৱনৰ এবিধ আদৰৰ সম্পদ হ’ল “তাঁতশাল”। সেয়ে বিহুৰ চতুৰ্থ দিনা “তাঁতৰ বিহু”।
পঞ্চম দিনা চহালোকৰ কৃষিকৰ্মৰ মূল সঁজুলি “নাঙলৰ বিহু”। ষষ্ঠ দিনা বিয়া দিয়া জীয়াৰী পিতৃগৃহলৈ আহে, সেয়ে সেইদিনা “জীয়ৰী বিহু” বা “চেনেহী বিহু”। শেষৰ দিনা “চেৰা বিহু”। এয়ে ব’হাগৰ ‘সাত বিহু’।
   চেৰা বিহুৰ পাছত সাধৰণতে সাত দিনত বা এঘাৰ দিনত বিহু সামৰণি মৰা হয়। অবশ্যে কিছুমান ডাঙৰ গাঁৱত বেছিঘৰ মানুহ থাকিলে হুঁচৰি সামৰোঁতে দিন লাগে। যেইকি নহওক বিহু সামৰা দিনা ৰাইজে একত্ৰিত হৈ প্ৰথমে গাঁৱৰ নামঘৰত তামোল-পাণ দি সেৱা জনাই ঘোষা-পদ জুৰি গাঁৱৰ পৰা কিছু নিলগত থকা বৰগছ বা জৰি গছৰ তললৈ গৈ গছজোপাত এখন গামোচা বান্ধি সেৱা জনাই গছজোপাৰ চাৰিওফালে ঘূৰি ঘূৰি ঘোষা-পদ গায় আৰু একেবাৰে শেষত গায় এনেকৈ—
“হুৰাই ল ধান-খেৰৰ ছাই
অতি চেনেহৰ ৰঙালী বিহুটি
হাততে মলঙি যায়।”
আৰু কেতিয়াবা গায়—
“বিহুটি নামেৰে তিনিটি আখৰে
কোনে কাটি গ’লে শিলত
ঘুণেও নধৰে মামৰেও নধৰে
থাকিব আমাৰে প্ৰাণত”
       এইদৰে গাই গছৰ গুৰিতে ঢোলৰ মাৰি বা টকা এটা এৰি থৈ বা ভাঙি থৈ ঘৰলৈ উভতি আহে। এইদৰে বিহু সামৰা বা বিহু উৰুওৱা হয়। বিহু সামৰি উভতি আহোঁতে সাধৰণতে পিছলৈ উভতি চাব নাপায় বুলি বিশ্বাস কৰা হয়।  বিহু অসমীয়া জাতিৰ বাপতিসাহোন। এই বিহু সমন্বয়ৰ প্ৰতীক। বিহুৰ লগত জড়িত “বিহু নাম’ বা “বিহুগীত”বোৰ অসমীয়া লোক-সাহিত্যৰ অমূল্য সম্পদ।
   এই বিহু গীতবোৰৰ জৰিয়তে সুজলা সুফলা আই অসমীৰ অপৰূপ প্ৰকৃতিৰ মনোৰম ছবি, অসমীয়া জন-জীৱনৰ আচাৰ- ব্যৱহাৰ, ৰীতি-নীতি, প্ৰেম-প্ৰীতি, হৃদয়ৰ বতৰা, কৃষ্টি-সংস্কৃতি, ৰূপ-ৰস-গন্ধ সকলো সুন্দৰভাবে ফুটি উঠিছে আৰু পৰম্পৰাগতভাৱে যুগ যুগ ধৰি চলি আহিছে। কিন্তু বৰ্তমানে পৰিৱৰ্তনৰ ধামখুমীয়াত পৰি বিহুৰ বহুতো ৰীতি-নীতি, লোকাচাৰ লুপ্তপ্ৰায় হৈ আহিছে; আনকি নগৰমুখী বিহুৱে বিহুৰ প্ৰকৃত ৰূপ হেৰুৱাই পেলাইছে।
       আগৰ গছতলৰ আৰু চোতালৰ বিহু আহি মঞ্চ পালেহি। লগে লগে বিহুত মান্যজনক সেৱা সৎকাৰ কৰা, শিপিনীয়ে নিজহাতে বোৱা বিহুৱান দিয়া, ঢেঁকীত চিৰা-সান্দহ খুন্দা নিয়মবোৰ লাহে লাহে নাইকিয়া হৈ আহিছে।
      সময়ৰ পৰিবৰ্তনত বিহুও সলনি হ’লেও বসন্ত আহিলে ব’হাগ আহে; ব’হাগ থাকে মানে বিহু থাকিব। বসন্তৰ পৰশত প্ৰকৃতিয়ে ন-ৰূপ গ্ৰহণ কৰিবই; কুলি-কেতেকীৰ সুমধুৰ সুৰত, তগৰফুল, কেতেকীফুল, কপৌফুল ফুলিলে বিহুৰ বতৰা পাই আজিও ডেকা-গাভৰুৰ দেহা সাতখন-আঠখন কৰে, মন পুলকিত হয়। সেয়ে বিহু গীতৰ সুৰতে ক’ব পাৰি –
“বিহু আনন্দীয়া বিহু বিনন্দীয়া
বিহুটি অসমৰ প্ৰাণ;
এনুৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান।”

বিদ্ৰহঃ— সৰ্ব অপৰাধ মাৰ্জনা কৰিব লিখাটো তথ্যসমূহ সংগ্ৰহ কৰা হৈছে।
বহাগ বিহু: লোকাচাৰ আৰু জনবিশ্বাস—লক্ষেশ্বৰ হাজৰিকা।
উৎস: সাহিত্য.অৰ্গ
সাত বিহু আৰু মুকলি বিহু বিষয়ক ভিন্ন লিখাৰ পৰা তথ্য সংগ্ৰহ।
বিভিন্ন বিহু বিষয়ক হীতানৰ আলোচনী পৰা লিখাৰ তথ্য সংগ্ৰহ।

ব’হাগ ব’হাগ লগা সেই আবেলি*************************

ব’হাগ ব’হাগ লগা সেই আবেলি

মই মোক ভাল পাবলৈ
নিজক নিজে কোনো দিন
প্ৰশ্ন কৰিব নালাগে…
এতিয়া কলিজাত এটুকুৰা ঘাঁ
সুদূৰ প্ৰাচীন…!
সিদিনা সেউজীয়া আবেলি এটা
ওলমি ৰৈছিল দুচকুত আৰু
গোন্ধ এটাই দৌৰা-দৌৰি কৰি ফুৰিছিল।
মোক এটোপাল ভালপোৱা দিয়া
বুকুত গুজি লম…

হাঁহি এটি পিন্ধি,বৰষুণত তিতিম
দৌৰিম, খিলখিলাই হাঁহি উঠিবা তুমি
আৰু মই গান গাম…
এইবেলি কিজানি মোৰ জীৱনলৈ
ব’হাগ ব’হাগ লগা সেই আবেলি
আহেবা কিজানি!
মাটি কপৌফুলৰ বৰ ফুতনি
ফাগুনে বাতৰি দিয়াৰে পৰা
গাত নাই তৰনি, চ’ততে নাচনী হৈ নাছিল…
এইয়া বসন্তৰ জাননী
ব’হাগ ব’হাগ লগা এই আবেলি ।।

— দুৰ্ল্লভ সোণোৱাল।
১/০৪/২০২৪

জীৱনৰ পৰিক্ৰমা

মনুষ্য আত্মাই সদা মুক্তি অথবা পৰম শান্তিৰ কামনা কৰে ! কিন্তু তেওঁলোকে মুক্তি ধাম বা শান্তিধামনো ক’ত আছে তাক আচলতে নাজানে….। তাক বিচাৰি মঠ-মন্দিৰ,নামঘৰ, দৌল-দেৱালয় সকলোতে বিচাৰি হাবাথুৰি খাই ফুৰে! সেইদৰে, মনুষ্য আত্মাই পৰম প্ৰিয় পৰমাত্মা ঈশ্বৰক পাবলৈ বাঞ্ছা কৰে আৰু স্মৰণ কৰে…কিন্তু যি পৱিত্ৰ ধামৰ পৰা আহি পৰমপিতা পৰমাত্মাই এই সৃষ্টিত অৱতৰণ কৰাৰ কথা গম নাপায় বা নাজানে। আচলতে ঈশ্বৰ সকলোতে দিব্যমান! তথাপিও মনুষ্যই কামনা আৰু মায়ামৰ মোহত পাহৰি পেলায় নিজক। এইটো কিমান যে, আচৰিত হ’ব লগীয়া কথা— আমি মনুষ্যত্মাই এই সৃষ্টিৰূপী ৰঙ্গমঞ্চলৈ যি ঠাইৰ পৰা আহিছোঁ সেইয়া পাহৰি যাওঁ আৰু উভতি যাব ও নোৱাৰোঁ!
আমি সকলোৱে জানোঁ জীৱা আত্মা অথবা মনুষ্যৰ আত্মা অজৰ-অমৰ ইয়াৰ মৃত্যু নহয়। দৰাচলতে এই সংসাৰত আত্মাই তেজমাংসৰ শৰীৰ ধাৰণ কৰে,কৰ্ম কৰে আৰু সুখ-দুখৰ মাজেদি ফলাফল ভোগ কৰে…এই দৰে সময় আৰু নিয়তিৰ পাকচক্ৰৰ মাজেৰে সংসাৰৰ জন্ম মৰণৰ চক্ৰলৈ আহে। সাকাৰ মনুষ্যলোকত সংকল্প, ধ্বনি আৰু কৰ্ম্ম এই তিনিওটা আছে। এই সাকাৰ লোককেই পাচ তত্বৰ সৃষ্টি নাইবা কৰ্ম্মক্ষেত্ৰ বুলি জনা যায়। এই সৃষ্টি আকাশ তত্বৰ এটা অংশহে মাত্ৰ। প্ৰকৃততে ত্ৰিলোক এজোপা বৃক্ষ ইয়াৰ বীজ ৰূপ পৰআত্মা যি নিৰাকাৰ ঈশ্বৰ….যিজন জন্ম মৰণৰ অতীত…. তেওঁ সকলোৰে‌ ওপৰত অৱস্থান কৰে।
🌼🙏🌼

—দুৰ্ল্লভ সোণোৱাল।

২২/০২/২৪

এজেলীয়া
বাঁহ ফুল

আমি মানু্হ

আমি মানু্হ
—ঈশ্বৰ কি ?
ঈশ্বৰ প্ৰেম…
প্ৰেমত প্ৰাৰ্থনা…
প্ৰাৰ্থনাত জীৱন…
মই বাৰে বাৰে পৰি যোৱাৰ
পিছতো তুলি ধৰা
এখন অদৃশ্য হাত…!
******************
মানুহ কাৰ বাবে প্ৰকৃততে জীয়াই থাকে। এক কথাত মানুহ মানুহৰ বাবে জীয়াই থাকে। মানুহ নিজৰ বাবে জীয়াই থাকে। আচলতে মানুহে মানুহক ভালপাবলৈ শিকিব লাগে আৰু শিকাব লাগে… ভালপোৱা হ’ল হৃদয়ৰ এক অনুভৱ য’ত স্নেহ বন্ধন থাকে। য’ত প্ৰেম থাকে। এৰা ভাল পোৱা হৈ যায়,তাৰ কোনো ওজন নহয়…। এই জগতত জীৱন জীয়াবলৈ লাগে মাথোঁ অলপ বিশ্বাস, অলপ মৰম, অলপ যত্ন,শুভ কামনা আৰু আৰ্শীবাদ…সেয়াই ভালপোৱা নহয় জানোঁ। ইয়াত টকা-পইছা, সা-সম্পত্তিৰ কথা কোৱা হোৱা নাই। মানুহে মানুহক ভালপাবলৈ প্ৰয়োজন সততাৰ। এই সুন্দৰ পৃথিৱীখনৰ সকলো বস্তু প্ৰেমৰ সৃষ্টি, জড়-জীৱ ঈশ্বৰৰে দান…! ভাল লগা আৰু ভালপোৱাৰ মাজত পাৰ্থক্য আছে। ক’বলৈ গ’লে দুয়োটাতে প্ৰেম থাকে। একেডাল নাভিৰ ভাই-ককাই-বাই-ভনি…অন্যান্য সম্বন্ধবোৰে জানোঁ সম্বন্ধৰ ভালপোৱা বুজায়। মই ভাবোঁ কেতিয়াও নুবুজাই যত আপোনাৰ বুজা-বুজি নাথাকে/ আপোনাৰ সহযোগীতা নাথাকে/এজনে আনজনৰ মাজত কোনো কথাবাৰ্তাৰ আদান-প্ৰদান নহয় তেনে ধৰণৰ ভালপোৱাৰ মাজত মাথোঁ দূৰত্বতাহে থাকে। ভাল লগা আৰু ভালপোৱাত তেজৰ গোন্ধ নালাগে। ক’বলৈ গ’লে তাত মাথোঁ অলপমান প্ৰাৰ্থনাৰ প্ৰয়োজন… য’ত স্নেহ থাকে। আমি মানু্হবোৰে মায়াৰ মাজত আৱদ্ধ হৈ নিজক পাহৰি যাওঁ আৰু অলপতে বিচলিত হৈ পৰো মোহবন্ধনত। আমি পাহৰি পেলাওঁ আমাৰ জীৱনৰ উদ্দেশ্যৰ কথা, হেৰুৱায় পেলাওঁ প্ৰেমৰ প্ৰাৰ্থনাৰ কথা, পাহৰি পেলাওঁ ঈশ্বৰ নামৰ সত্তাটো‌ক। কাৰণ আমি মানু্হ।জানি বুজি অনেক ভুল কৰোঁ…নিজক সত্য সজাই জীৱনটো মোক-খা তোক-খা‌ কৰি ফুৰোঁ।য’ত লাভ অথবা লোকচান নহয় কেৱল মাথোঁ সানি হয় মানৱ জীৱনৰ লক্ষ্য। আৰু পৃথিৱীৰ আটাইতকৈ শক্তিশালী বুলি নিজক ভাবি পাহৰি পেলাও যে আমিবোৰ একো একোটা ক্ষুদ্ৰ ধূলিকণা।

বৰ্তমান সময়ত সম্বন্ধৰ মাপকাঠি ডালত মামৰ ধৰিল। সেয়ে ভাল লগা আৰু ভালপোৱাৰ মাজত কৃত্ৰিমতাই ঠাই পালে। ভাল লগা/ভাল পোৱা/ প্ৰেম নামৰ শব্দটোৰ মাজত মাত্ৰ বিপৰীত মুখি ছবিখনহে প্ৰতিফলিত হ’ল।
এতিয়া আহো আপোনাক যদি জীৱনত কোনোবাই সামান্যতম ও উপকাৰ অথবা আপোনাৰ বেয়া দিনত উদ্ধাৰ কৰি থৈছে তেনে তেখেতক আপোনাৰ/তোমাৰ জীৱনটোত কেনেকৈ এটা হ’লেও এটা ধন্যবাদ সূচক প্ৰতিদান দিব পাৰি তাৰ চিন্তাত মানুহ থাকিব লাগে। মানুহৰ ভাল কমবোৰৰ মাজত সদায় প্ৰাৰ্থনা থাকিব লাগে। তেতিয়াহে মানৱীয় জীৱনৰ পৰিক্ৰমা সফল হয় বুলি ভাবোঁ। মই কিন্তু সদায় মানি আহিছো আগলৈও থাকিব এটা প্ৰতিশ্ৰুতি সম্পন্ন মন….তাক সুন্দৰ কৰিব সময়ে বুলি দৃঢ় বিশ্বাস। মানুহে সুযোগ হেৰুৱাব নালাগে। সদায় আনদহৰ কুশল কামনা কৰিব লাগে… কৰ্ম কৰি যাব লাগে… সুযোগ পালেই সহায় কৰাৰ মানসিকতা থাকিব লাগে কিন্তু অসৎ ভাবে নহয়। আচলতে সৰু সুযোগবোৰে মানুহক মানুহ হ’বলৈ আৰু ভালপাবলৈ শিকাই। মানুহ কৃতজ্ঞ হ’ব লাগে কিন্তু অকৃজ্ঞ হ’ব নাপায়।

— দুৰ্ল্লভ সোণোৱাল।

১৭/০২/২০২৪

দিচাংপৰীয়া

**************************************
আই ঐ বোপাই ঐ
কোন ক’ত আছ
দিচাংৰ দাঁতিত জাকৈ বাবলৈ
মোক খালৈ ধৰা ল’…!

পিতায়ে উঠে ঢল পুৱাতে
গৰু-খেদাও ঘোৰ ঘোৰ
তেনেই চায়ামায়া অকঁৰা-অজলা
গাঁৱলীয়া চহা মানুহবোৰ…!

আই চিঞৰে আহে ঐ আহ

খাই ল’হি আহে
ফিকা চাহ,সান্দহ গুৰি
ম’হৰ খুঁটিত গাখীৰ খীয়াব লাগে
অলপ খৰধৰ কৰিবি।

জেলেপা-জেলেপ কাপোৰ-কানি
মুখত মৈলাৰ আৱৰ
টঙনা-টঙনি বাঁহৰ মূড়া
জুই ফুৰাব ভাল বৰ…

ভোৰভোৰণি তুলি বনপাত সিজাই
এইজনী কাৰো হয় গৃহিণী
আইনা-জেলেঙাত ঔটেঙা দুৱং
দৰিকণাৰ মৰ যে ফুটনী…!

প্ৰাৰ্থনাৰ সুৰেৰে কিনো কোৱা
বেজৰ মুখত খৰে খালে
গাই-বাই চাই কিনো পাবা
জোঁকৰ মুখত চূণ…!

ৰৈ বৈ যায় ৰঙীয়াল মানুহ
কৰ্মই দি যায় বাট…
দীঘলীয়া দিচাং বৈ যাবৰ মন
ইতিহাসৰ গভীৰ ভাষা।

ফুঁ মাৰিবলৈ নাই গঙাটোপা
বাটুলগুটিৰ খবৰ কেনে…?
টেপেনা ককাক সুধিবা বাৰু ধেনু
বাদুলী বুলি মাতিবলৈ

নাই দেখোন কোনো।

আহিবা এদিন চাবাহি ৰং
বৰডুৱীত বৰশী বাবা
ৰৌ-বৰালী ক’ত কি লাগে ধৰি এসাঁজ
আনন্দ মনে খাবা..!

আহোতে আহিবা তিনি আলিত সুধিবা
মোলেশ্বৰে পৰিচয় দিব…
নামঘৰীয়া হিচাপে থাকিব পুনা-চিধাৰাম
সৱাৰে কল্যাণ হ’ব।

সোঁৱে হাবি বাওঁৱে নদী
দিনতে ওলাই বাঘ
ল’ৰা-তিৰুতাই লগে ভাগে যায়
গছেও লগায় মাত…!

দীঘল দি আছে সাপ হৈ পৰি
মঠাউৰি কাষতে গাওঁ
জনাই জানে বুজাই বুজে
ভেকেন মেধিৰ আৰ্শীবাদ…!

মিচিল,লাম্বা,ভিগু,মৌজাদাৰ
কুমুটৰ খবৰ কেনে…
কেশৱ,অভিৰাম,নৱ,যদু মাষ্টাৰ
খোজত খোজ মিলে।

টকলা, ললিতে মুখপানী জাৰে
মেঘই বান্ধে তাবিজ,
বেনুধৰ বায়নৰ উক্তি সৰ্বউত্তম…
নৰনেৰ মন্ত্ৰমুগ্ধ কথা
সমাজে কয় তেখেতসৱৰ সমান
নাই জ্ঞানী ককা।

দুলাল-বীন জাকৈ সজাঁত পাকৈত
বালিৰজা, মিঠাৰাম সাক্ষী…
নগেন ককাৰ নাম ল’লে
মিনাৰাম হ’ব সুখী…!

ক’বলৈ গ’লে বহু কথা
কবিতা নহৈ ৰচনা একোখন হ’ব
তথাপিও লিখিব খোজোঁ
ৰাইজ এই অধমক দুখ নধৰিব…!

সোণপৰুৱাই মাৰিলে ল’ৰ
বনফৰিংৰ বোকোচাত উঠি
পানীৰ ৰং নাই বাবেই
চৰাই আকাশলৈ উৰে
সোণৰ পাখি মেলি….!

কোনোবা দশকত দিচাংৰ দাঁতিত
মহেশ্বৰ নামে আছিল দান বীৰ
দিন বাৰ চাই ৰোপণ কৰিলে
জ্ঞান বৃক্ষ,হে মহানজন তুমি জ্যোতিৰ।

দুখৰ বৰষুণত জুৰুলি-জুপুৰি
শিপা খামুচি মাৰে
হাউলি যাবলৈ নিদিবা বান্ধৈ
অ-আ-ক-খ-গ আৰম্ভ কৰে।

সেউজীয়া হৈ এটি-দুটি বীজ
পোখা মেলিব ধৰে…
এক-দুই-তিনি থিয়দি পঢ়িবা
মনত ৰব তেহে…!

আহে ধধ,আহে কান্দোৰা
দবল, মধুবক মাত
ছয়ত্ৰিশৰ যুক্তিত আঁত ধৰিবলৈ
তেলঙ্গাঙকো লগত আন…!

জৰী গছৰ দীঘল লতাই
বাট ভেঁটি ধৰে….
জগত ককাই ৰাতিপুৱাতে
দুমাইল খোজ কাঢ়ে…

গৰু-গাই বান্ধি ল’ৰা-লৰি…
ৰবৰ সময় নাই,
হাল বলধ‌ হালত এৰি
ঘৰলৈ ঢপলিয়াই….

হাল-কোৰ মাৰি, তেল-টেঙা গহি
হাতত থৈলা লোৱা,
কিতাপৰ মোনা পিঠিত বান্ধি
ক’লৈ দৌৰ মাৰা….!

আহে লোহিত,উত্তম-অচিনীক‌ মাত
ডিম্ব-নিত্যা ৰৈ আছে ফালনাকো এবাৰ মাত
গোৱাটিৰ বাটে যাব লাগিব
প্ৰদীপকো এবাৰ কোৱা…
আম গছৰ তলত আম পৰি আছে
তাৰে দুটামান লোৱা।

ফনিধৰ, লঙ্কেক বাটতে পাবা
থাকিব লগত মধু…
ধৰাছলি গুটি  বুটলা যদি
সেই ঘাটে পাৰি আনিবা বনপিঠা-লেটেকো…!

আহোতে যাওঁতে চোৰাতে ঢাকে
উজুতত মৰে নখ…
বন কুকুৰাই পাখি জোঁকাৰে
শিয়ালৰ ৰাগীয়াল সুৰত…!

খেতিয়ে-পথাৰে নদন-বদন
বছৰৰ ভাত জোৰে…
খাই বৈ সকলোৱে হৰিৰ গুণানুকীৰ্তন কৰে…

জ্ঞানৰ পোহৰ  গুৰুৱে দিব
ফুলিব বোকাত পদুম;
ডালত বিনাব ক’লাকৈ কুলিটি….
সৰিব জোনাকৰ বৰষুণ।

ৰৈ ৰৈ চাব বাটৰুৱাই
পৰাণ জুৰুৱা হাঁহি…
নকৈ সূৰুযে ৰ’দ চিটিয়াৱ
চোতালত বৰপিড়া পাৰি!

দণ্ডী ছাৰে…আশেৰে বাট চাই
মনত অযুত সপোন
কলীয়া আৰু ৰবীন ছাৰ কৰ্মত বৰ নিপুণ।

প্ৰহ্লাদ ছাৰৰ মৰমৰ মাতত শিষ্য যায় ভুল
ভূধৰ ছাৰৰ ৰঙা চুকত কঁপি যায় বুকু…!

সোমেশ্বৰ,মেঘনাথ,প্ৰমোদ ছাৰৰ
গহীন-গম্ভীৰ মাত…
চেতিয়া ছাৰ, পদ্মিনী বাইদেউ আৰু
ৰাজু ছাৰ…
অংক পঢ়ালে ৰ’বকে নোৱাৰে
মাজতে এপাক কাল ভাঙি যায়…!

লৰি-ঢাপৰি তৰংগ কল্লোল আহে লগত বন্ধুবৰ্গ
মুখত হাঁহি,মনত হেঁপাহ…
ৰ’দ-বৰষুণ নেওচি শ্ৰেণীত সদা উপস্থিত হ’য়…

মাটিৰে সজা গছ পুলিটি বতাহে কোৱাই যায়
কলহৰ কাণে ঢলা পানী পৰি
ক’ত বাৰ যে ঠাল-ঠেঙুলী হেৰায়…!

ধুমুহাৰ পিছতো আকৌ পুনৰাই
থিয় দি ৰয় বৃক্ষ হোৱা মনত…
দুই-এজনে সাৰ পানী যাচে
এই মৰতত…!

জুই ফুলৰ হেঁপাহত
যি কথা বুজাই ক’ব নোৱাৰি
তেনে কথাবোৰেই
সকলোতকৈ অৰ্থময়…!

জ্ঞান মন্দিৰত সেৱা আগৱঢ়াই
ক’ত কিমান আহিল আৰু গ’ল…
পূজাৰ বেদিত নিৰ্মালি হৈ মাথোঁ
এমুঠি হে ৰ’ল….

তিলোমণি বাইদেউ, পিম্পু, ৰাজীৱ, সুশীল
ছাৰে নতুন আদৰ্শ মালা গাঁঠি
আজীৱন ইতিহাসত খোদিত হ’ল।

পকা ধানৰ গোন্ধ হালধীয়া
মনত বহুত বেথা…
সচাঁ কথা ক’বলৈ গ’লে
দুখীয়া ঘৰৰ হৃদয়ৱান জনৰ
সপোন কেঁচ বছাঁ….!

আজি দিচাংপৰীয়া পূৰ্ণ বৃক্ষ
আশাৰ বিলাই পোহৰ…
আশীৰ্বাদ কৰা হে মহান,তোমাৰ প্ৰতিশ্ৰুতিৰ
দুয়োখন হাতৰ সৃষ্টিৰ সম্ভাৱনা।

স্তৱক

সৰা পাতৰ কথা, জীৱনৰ ঠিকনা
লাহে লাহে আঁতবোৰ হেৰায় …
বিভ্ৰান্তিৰ ক’ত ৰহস্যময়ী দাপোণ
মানুহৰ অন্তৰ আত্মাক
কোনে সাৱতে সংগোপনে…
তিলটোকে তাল বুলি কিয় ভাবা
জীৱন মাথোঁ এটাই…
অস্তিত্ব জানো আছে আপোনাৰ…
ক্ৰমশঃ একোখন দলিল।

— দুৰ্ল্লভ সোণোৱাল।

11/04/23

আঘোণ, ন-ভাতৰ জুতি লোৱাৰ সময়…

আঘোণ, ন-ভাতৰ জুতি লোৱাৰ সময়…
****************************

আগলি কলপাতত আঘোণ আহিব
ন-সাজে ন-ভাতে এমুঠি খাব
জহা চাউলৰ গোন্ধ ক’লা বৰাৰ এঠা
তুলিও ল’বা জুতি…
নতুন নতুন লাগিব,
যৌৱনৰ কি যে অমীয়া ৰাগি…!(দুৰ্ল্লভ)

আঘোণ মানে সোণোৱালী ধাননি পথাৰ! আঘোণ মানে কৃষক ভাইৰ সপোন! আঘোণ মানে ব্যস্ততা মাথোঁ ব্যস্ততা। এতিয়া হেঁপাহৰ ধাননি পথাৰৰ পৰা আই লক্ষ্মীক ঘৰলৈ অনাৰ সময়। গাঁৱলীয়া সমাজত এতিয়া আশাৰ পোহৰ, প্ৰতিঘৰ মানুহৰ ঘৰৰ ভিতৰি বাহিৰে কেৱল সোণগুটিৰ সুৱাহ। আগচোতাল-পিছচোতাল, ভঁৰাল ঘৰত জহা-বৰা ধানৰ ডাঙৰীয়ে ভৰপূৰ। এতিয়া ব্যস্ততাৰ চহৰখনৰ যান-য’তৰ মাজতো ৰিঙিয়াই মাতে গাওঁখনে। আপোন গাঁৱৰ ঘৰখনলৈ বুলি ঢাপলি মেলে চহৰ কৰ্মৰত মানুহবোৰে….ন চাউলৰ জুতি বিছাৰি।
                                                          এৰা,পুৱাৰ বাহি-বন কৰি হাতত তোপোলা বান্ধি আইতা-মা-খুড়ী-বৰমা-আমৈহঁতে-বৰমা-আমৈহঁতে-আমৈহঁতে হাতত কাঁচিখনৈ ধানিনৰ মাজত ডুবি যায়। তাৰে মাজতে দেউতাই দি অহা ফিকা চাহ-গুৰ-আঁঠিয়া কলৰ জুতি। জুতি লয় বাৰীৰ ঢাপৰ কমলা,মৌচুমী,বৰটেঙা আৰু ৰবাবটেঙা…কি যে অপূৰ্ব আঘোণ সচাই। ব্যস্ততাৰ মাজতে দুপৰীয়া ৰ ভাতসাজ পুৰামাছ, ধনীয়া,জলফাই পুৰা,নেমু, জলকীয়া,পুৰা আলুৰ পিটিকা;লাই-আলুৰ ভাজি;দালি;তাতে আকৌ শুকটি অলপ থাকিলে ভাত মুঠি অমৃত যেন লাগে নহয় জানোঁ। বেলি পৰা পৰা আগে আগে খৰধৰকৈ আহি আকৌ ঘৰত ব্যস্তহৈ পৰে মৰণা মৰা, ধান জৰা-চলা কামত। তাতে আকৌ পিছদিনা ধান ৰ’দত শুকোৱা…ন-ধান যিহেতু ভালকৈ শুকাবলৈ দুই তিনিটা ৰ’দৰ প্ৰয়োজন পুনৰ ৰ’দত শুকোৱা। ন ভাত মুঠিৰ বাবে ভাল দিন-বাৰ এটা চাই ধান বনোৱা….ঢেঁকীত হ’লে ধান খুন্দাৰ আমেজেই বৰ সুকীয়া নহনে বাৰু…? ন ভাতৰ আয়োজন বাবে পুখুৰীত মাছ ধৰা, বাৰীত শাক বুটলা,কলাপাত কটা….আদি ব্যস্ততা। টেঙা আঞ্জাৰ বাবে নদী কিনাৰৰ পৰা ঔ অনা..! আচলতে এই কামবোৰ হেঁপাহৰ আৰু আনন্দদায়ক।
   এৰা এইযে চকুৰ আগতে দেখি অহা কথাৰে আৰম্ভ কৰিছোঁ…বেছিকে ক’বলৈ ভয় লিখিলেও জগৰ সেয়ে পোনতে ভকতসৱক সেৱাহে বোলো কৃষ্ণ। ন-খোৱা অনুষ্ঠিত কৰা দিনা গৃহস্থীখন পৰিস্কাৰ কৰা লগতে ঘৰৰ ল’ৰা-পৰা বুঢ়ালৈ ব্যস্ততাৰ মাজতে ডুব গৈ থাকে….ইটো কৰা-ইটো কৰা আদি! ৰাতিপুৱাই ভঁৰালঘৰ মচি চাফ-চিকুণ কৰা,চোতালত থকা তুলসীৰ তলত বন্তি জ্বলাই নৈবেদ্য আগবঢ়োৱা,দোণ এটাত ন ধান লৈ লখিমীক সেৱা জনোৱা, কেঁচা পিঠাগুড়ি অৰ্পণ কৰা। লখিমীক সেৱা জনোৱাৰ পাছত দোণটোৰ পৰা ধান তিনি আঁজলি ভঁৰালত ভক্তিসহকাৰে থৈ দিয়ে। ইয়াৰ পাছতহে বাকী ধান অন্য পাত্ৰ, যেনে পাচি আদিৰে ভঁৰালত থয়। ধানবোৰ থোৱাৰ পাছত তুলসীৰ তলত আগবঢ়োৱা প্ৰসাদ, নৈবেদ্যৰ নিৰ্মালী সকলোৱে গ্ৰহণ কৰে। ৰাতিলৈ ন চাউলৰ ভাত খোৱাৰ বাবে দিহা কৰা হয়। ন চাউলৰ ভাতৰ লগত মাছ, মাংস আদিৰ যোগাৰ বাবে দেউতা-খুড়াহঁতে চাইকেল লৈ ঢাপলি মেলে আৰু মোনা ভৰাই যি পায় সকলো আনে।
  এই যে একেলগে চোতালত ঘূৰণীয়াকৈ বহিলৈ ককাই-ভাই;বাই-ভনী;খুড়া-খুড়ী;বৰমা-বৰদেউতা;ককা-আইতা;মা-দেউতা, দুই-এজন ঘৰুৱা আলহী,গাঁওৰ বয়জেষ্ঠজনকে ধৰি ৰঙাকৈ দপদাপাই জ্বলা জুইৰ কাষত বহাত,জুইত হাত সেকি সেকি আলু পুৰা;মাছ পুৰা; হাঁহৰ মাংস পুৰা;চুঙা চাউলৰ লগতে ৰহি সাজৰ জুতি….কথাৰ মাজেৰে জেষ্ঠজনৰ আদৰ্শ মূলক কথা, পুৰণি কলীয়া সাধুকথাৰ আমেজেই সুকীয়া নহয়নে বাৰু। আৰু ন-ভাত মুঠিৰ বাবে
জহা চাউলৰ ভাত, বৰা চাউলৰ ভাপত দিয়া  চেৱা ভাত , বাঁহৰ চুঙাত দিয়া বৰা চাউলৰ চুঙা ভাত , হাঁহে-কোমোৰাই , গাহৰি মাংসৰ চুঙাত দিয়া , খৰিছা দিয়া গাহৰি মাংস, বিলাহী মাছেৰে , ঔটেঙা দিয়া মাটিমাহৰ দালি,লাই শাক  আদিৰ লগতে মূলা-গাজৰ-টিঁয়-ধনীয়া আদিৰ চালাদ আদি বনোৱা হয় ৷ কিযে নিভাঁজ….আচলতে গাঁৱলীয়া মানুহবোৰ মনৰ চহকী… য’ত অযুত চেনেহে ভৰপূৰ হৈ থাকে।
       অসম তথা ভাৰতৰ প্ৰায় সকলো ঠাইতে সমাজ ভেদে নিজ নিজ জনজীৱনৰ লগত খাপ খোৱাকৈ কৃষিকেন্দ্ৰিক ন-খোৱা পৰম্পৰাৰ প্ৰচলন আছে। ধুব্ৰু সত্য যে অতীতৰে পৰাই প্ৰায় সকলো সম্প্ৰদায়ৰ ভাষা-ভাষিলোকে নিজৰ ৰীতি-নীতি অনুসৰি ইষ্টদেৱতাৰ পূজা সেৱা আগবঢ়ায় আৰু ভকত-বৈষ্ণৱ, আত্মীয়-কুটুম্বৰ উপস্থিতিত এই ন-খোৱা অনুষ্ঠানটিৰ আয়োজন কৰাৰ পৰিলক্ষিত। এই অনুষ্ঠানটিক ভিন্ন ভাষা আৰু পৰম্পৰাত ন-চাউল লোৱা,ন-পিঠা খোৱা,ন-গোসাই চাউল, ন-খোৱা, নয়া বা নোৱান খোৱা, নৱান্ন, ন-ভাত খোৱা ইত্যাদি নামেৰে কোৱা হয়।
          ন-চাউল বা ন-খোৱা হৈছে অসমীয়া চহা সমাজ জীৱনৰ আটাইতকৈ হেঁপাহৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ। যাৰ বাবে আশাৰে ৰৈ থাকে…আঘোণ মাহত ধান কাটি মৰণা মৰাৰ পাছত ন ধানেৰে ন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খোৱা কাৰ্যকে ন-খোৱা বুলি কোৱা হয়। এই ন খোৱা অনুষ্ঠানটি সমজোৱভাৱে বহু ঠাইত নামঘৰত নাম-প্ৰসঙ্গৰে শৰাই এভাগ আগৱঢ়ায় পূৰ্ণকৃষ্ণ ভগৱন্তৰ নামত আৰু সকলোৱে বাবে বছৰটি ধনে-ধানে নদন বদন হ’বলৈ সেৱা জনায়। তদুপৰি ন-খোৱা উৎসৱৰ কাৰণে এটা শুভ দিন-বাৰ চাই লোৱা হয়। সাধাৰণতে নামঘৰত প্ৰথমে সমূহিয়াকৈ ন-খোৱাৰ আয়োজন কৰা হয়। নামঘৰত ন-খোৱাৰ দিনা গাঁৱৰ সকলো মানুহ নামঘৰলৈ যায় আৰু কীৰ্তন পাঠ কৰি গুৰুসেৱা কৰে। নামঘৰত ন খাওঁতে নতুন চাউলৰ পায়স আৰু প্ৰসাদ দিয়া হয়, ভাতৰ ব্যৱস্থাও ঠাই ভেদে দেখা যায় । নামঘৰত ন-খোৱাৰ পাছত গাঁৱৰ ৰাইজে ওচৰ-চুবুৰীয়া, মিটিৰ-কুটুম্বৰ সৈতে মিলি ঘৰে ঘৰে ন খোৱা নিয়ম আছে বহু সমাজত। আচলতে এই উৎসৱক কৃষিজীৱি লোকসকলৰ কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। যিহেতু অন্ন সৰ্বতে শ্ৰেষ্ঠ অন্ন লক্ষ্মী। লোকবিশ্বাসমতে ন-খোৱা উৎসৱ বা ন চাউলৰ ভাতসাঁজ সাধাৰণতে আঘোণ মাহত খাব লাগে, কাতি বা পুহত নহয়। ককা-দেউতাৰ মত বচনৰ অনুসৰি জানিব পৰা মতে— আঘোণ মাহত ন ভাত মুঠি খোৱাৱ পাৰিলে ন পুৰুষে সন্তষ্টি লাভ কৰে,ভাত-কাপোৰ বছৰটোলৈ যোৰে, গুৰু-গোঁসাইয়ে আশীৰ্বাদ পোৱা যায় আৰু সকলো দিশৰ ভৰা ঘৰখনৰ মঙ্গল হয়। কাথাবোৰ কিমান দূৰ সত্য সেইয়া বিজ্ঞজনে জানিব আৰু যদি আঘোণত অৱশ্যে কিবা কাৰণত ন-খাব নোৱাৰিলে মাঘ মাহত ন-খোৱাৰ প্ৰথা এটা কিছু কিছু অঞ্চলত প্ৰচলিত আছে।
আৰু এই যে কাতি বা পুহ মাহত ন খোৱা নহয় বা নাপায় বুলি কথা এষাৰ  আছে ইয়াৰ কাৰণ হ’ল— লোকবিশ্বাস তথা জনবিশ্বাস মতে পুহ মাহত লক্ষীৰ বাহন ফেঁচাও লক্ষীক এৰি দক্ষিণলৈ যাত্ৰা কৰে ৷ তদুপৰি ফেঁচা হ’ল লক্ষ্মী আইৰ বাহন লগতে ফেঁচাই সমাজৰ মঙ্গলৰ হকে উৰুলি দিয়ে। যিখিনি সময়ত ফেঁচা আই লক্ষ্মীৰ পৰা দূৰত থাকে সেই সময়ত শুভ কাম কৰিব পৰা নাযায়।
    অসমীয়া সমাজত ন-খোৱা বুলি ক’লে হাঁহে-কোমোৰাই,লাইশাক-গহৰী কথাই বেছিকৈ মনলৈ আহে নহয় নে বাৰু…? বিতংকৈ এতিয়াও ক’ব পৰা নাযায় যে ন-খোৱা উৎসৱটো ক’ত কেতিয়া আৰু কেনেকৈ সৃষ্টি হ’ল। দৰাচলতে ইতিহাস খুচৰিলে ইয়াৰ মূল উলাবও পাৰে। গাঁৱলীয়া কৃষক সমাজৰ মানুহৰ জীৱনৰ মাদকতা এজন মানুহ আন এজনৰ লগত পৰস্পৰ নিৰ্ভৰশীল। এটা সময়ত জীৱ-জন্তুৰ পৰা শস্য ৰক্ষা কৰিব লগা হৈছিল আৰু কৃষি কাৰ্যত ইজনে-সিজনক সহায়-সহযোগিতা কৰাটো অপৰিহাৰ্য আছিল। আঘোণ মাহত পথাৰৰ ধান কাটি আজৰি হোৱাৰ পাছত নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খোৱা পৰম্পৰাগত নিয়মটোৱে কৃষিকাৰ্যত জড়িত সকলোৰেই সহযোগিতাৰ কথাকেই বুজায়।
ন-খোৱা সাধাৰণতে এক আনন্দদায়ক উৎসৱ। ঠাইবিশেষে ইয়াৰ পৰম্পৰা আৰু নিয়ম বেলেগ যদিও ইয়াৰ মূল উদ্দেশ্য একেই।
     সৰু পৰা দেখা পাই আহিছো যে ন-চাউল খোৱা দিনা গো-সেৱা পৰম্পৰা পালন কৰা। অঞ্চল বিশেষে ন-খোৱাৰ দিনা হয়তো গো সেৱা কৰা হয়। ন-চাউলৰ ভাত ৰান্ধি এখন আগলতি কলপাতত গোহালিত নি তাত নিজ পথাৰৰ পৰা কেঁচা ধান এমুঠি দি এডোখৰ ঠাই পৰিষ্কাৰ কৰি পানীৰে গোহালিৰ মুখ্য গৰুটোৰ ঠেং চাৰিখন ধোৱাই দি সকলো গৰুকে সেৱা কৰি ভাতখিনি খোৱাৰ পিছত সিহঁতক আদৰ সন্মানেৰে গোহালিত বান্ধি থোৱা হয়। আৰু আগলৈ কৃষিকাৰ্যত সহায় সহযোগিতা আগবঢ়াবলৈ সেৱা-প্ৰাৰ্থনা জনায়। অঞ্চল ভেদে কোনো কোনো ঠাইত ন-খোৱাৰ দিনা মহিলাসকলে আই লখিমীক আদৰাৰ নাম গায়, কেঁচা পিঠাগুড়ি আগবঢ়ায় আৰু উৰুলি দিয়ে। কিছুমান ঠাইত মাঙ্গলিক চিন স্বৰূপ পদূলিমুখত কলপুলিও পোতা, আম দালি অঁৰা দেখা পোৱা যায়। আৰু কিছু কিছু ঠাইত ন-খোৱা দিনা সাজৰ বাঁটি ঘোৰোৱা এক পৰম্পৰা আছে বুলি বিজ্ঞ তথা গাঁৱৰ জেষ্ঠসকলৰ পৰা জানিব পৰা যায়।
বিভিন্ন লেখাসমূহৰ অধ্যয়ন কৰি জনাব পাৰিছো যে নামনি অসমত বিশেষকৈ নলবাৰী জিলাত প্ৰচলিত নিয়ম অনসৰি ন-খোৱাৰ দিনা গৃহস্থৰ ভাগিন-ভাগিনী উপস্থিত থকাটো একপ্ৰকাৰ বাধ্যতামূলক। ভাগিন-ভাগিনীক ন’ খুৱালেহে আই-লখিমী সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। তদুপৰি বৰ্তমান সময়ত ন-লগোৱা উৎসৱ প্ৰায় হেৰাই যোৱা পৰিলক্ষিত যদিও এই উৎসৱ ভাগ বৰ্তাই ৰাখিবলৈ এক চাম লোকে আগিৱাঢ়ি আহি ন-চাউলৰ জুতি লোৱাৰ লগতে কৃষিজীৱী অসমীয়াৰ মাজত ঐক্য-সংহতি গঢ়ি তুলিছে ই এক উল্লেখযোগ্য বিষয়।
এৰা, শেষত ক’ব খুজো যে আমাৰ ঘৰত এক বিশেষক অতীতৰে পৰা পৰম্পৰা প্ৰচলিত আছে
ন-চাউল খোৱা দিনা ভঁৰালত চাকি জ্বলোৱা, প্ৰাৰ্থনা কৰা,ভকত সেৱা আগবঢ়োৱাৰ লগতে পূৰ্বপুৰুষক সোঁৱৰি সলিতা জ্বলোৱা হয় মানে মৃতিকক দিয়া হয় ৷ মৃতকক দিয়াৰ পাছত বাকী সকলে আহাৰ গ্ৰহণ কৰে ৷ আহাৰ গ্ৰহণ কৰি ন-চাউল খোৱা দিনাই গুৰুভকতক আগ কৰি ন তামুলেৰে মুহুতি কৰে আৰু ইয়াৰ পাছত সকলো ঘৰা-ঘৰি যায়গৈ এনেদৰেই ন খোৱা উৎসৱৰ অন্ত পৰে ৷ ন খোৱা কেৱল এক ন খাদ্যৰ জুটি লোৱাৰে উৎসৱ নহয় মোৰ বোধেৰে ই সামাজিক ঐক্য মিলাপ্ৰিতি গঢ়াৰ এক সুন্দৰ অনুষ্ঠান ৷ য’তল্ল মনৰ সুখ আৰু শুভকামনা থাকে… মই ভাবোঁ এই উৎসৱ যুগ-যুগান্তৰলৈকে এনেকৈয়ে যেন প্ৰচলিত হৈ থাকক আৰু বিশ্বই চিনি পাওঁক ন-খোৱা আচলতে কি ?

—দুৰ্ল্লভ সোণোৱাল।
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ফোন নং:- ৯৮৫৪৭৭৩৯৮৯
২৫/১১/২০২৩

জুতি লোৱাৰ সময়…

গুৰুজনাৰ সাতামপুৰুষীয়া সংস্কৃতিৰ বৰঘৰত নব্য সৃষ্টিৰ বিড়ম্বনা…মতবাদ আৰু ধৰ্ম

গুৰুজনাৰ সাতামপুৰুষীয়া সংস্কৃতিৰ বৰঘৰত নব্য সৃষ্টিৰ বিড়ম্বনা…মতবাদ আৰু ধৰ্ম

“যদা যদাহি ধর্মস্য গ্লানিৰ্ভৱতি ভাৰত
অভ্যুত্থানমধর্মস্য তদাত্মানং সৃজাম্যহম
পৰিত্ৰাণায় সাধুনা বিনাশায়চ দুষ্কৃতান্
ধৰ্ম্ম সংস্থাপনাথায় সম্ভৱামি যুগে যুগে।”

এৰা, ভগৱান শ্রীকৃষ্ণই গীতাত কৈছে—
যেতিয়াই ধৰাত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্রাদুর্ভাৱ বাঢ়ে তেতিয়া সাধুসকলৰ পৰিত্ৰাণ আৰু দুষ্কৃতিকাৰীসকলৰ বিনাশ সাধন কৰি ধর্ম সংস্থাপন কৰিবলৈ যুগে যুগে অৱতাৰ ধৰোঁ। —এই বাণী যিদৰে ধৰ্ম-জগতৰ চিৰন্তন সত্য বুলি মানি লোৱা হৈছে, সেইদৰে ই ইতিহাসততা সত্য। ইতিহাসৰাে পুনৰাভিনয় হয়। চতুর্দশ আৰু পঞ্চদশ শতাব্দীৰ মাজভাগত অসমত ধৰ্মৰ বিপর্যয় ঘটিছিল। অধৰ্মৰ প্রভাৱে মানুহবিলাকক অন্ধ কৰি তুলিছিল। দেৱ-দেৱতাৰ সন্তুষ্টি লাভ কৰি বাঞ্ছিত ফল লাভৰ বাবে জীৱ-জন্তু বলি দিয়াটো নীতিত পৰিণত হৈছিল। মানুহে শদিয়াৰ কেঁচাইখাতী আৰু অন্যান্য থান আদিত উদ্দেশ্য সিদ্ধিতৰ বাবে মানুহাে বলি দিছিল।

আহােমসকলে প্রতি বছৰে একো-একোটাকৈ মানুহ বলি দিছিল ৰজাঘৰীয়া অপায়-অমংগলৰপৰা পৰিত্ৰাণ পােৱাৰ উদ্দেশ্যে। বলিবােৰক “ভােগী” আখ্যা দিয়া হৈছিল। ধৰ্মৰ নামত মানুহৰ ওপৰত নানা অত্যাচাৰ-অনাচাৰ চলিছিল। ইতিহাসৰ এইছােৱা কলংকিত সময়তে পঞ্চদশ শতাব্দীৰ মাজভাগত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল। জনজীৱনলৈ ধর্ম-চেতনা ফিৰি আহিছিল। তেওঁ ধর্ম, শিক্ষা, সাহিত্য, সংস্কৃতিৰ বহুমুখী প্রতিভাৰ ছত্রছায়াত অসমীয়া জাতিয়ে ভেদাভেদ পৰিহৰি একতাৰ ডােলেৰে বান্ধ খাই অসমৰ বুকুত এক মহান সাম্যৰ ৰাজ প্রতিষ্ঠা কৰিছিল। ধর্মীয় জীৱন, সামাজিক জীৱন, ভাষা-সাহিত্য-সংস্কৃতি আদি সকলাে ক্ষেত্ৰতে নৱেন্মেষৰ সৃষ্টি কৰি অসমত নৱজাগৰণৰ সূচনা কৰিছিল। মহাপুৰুষজনাৰ জ্ঞান-জ্যোতিৰ পৰশে সমগ্র অসম উদ্ভাসিত কৰি তুলিছিল!এৰা, এখন ৰুগ্ন আৰু ভগ্ন সমাজত জ্ঞানৰ পোহৰ সিঁচিবলৈ তেওঁ অশেষ কষ্ট স্বীকাৰ কৰিছিল৷শংকৰদেৱৰ ধৰ্মত ক্ৰিয়া-কাণ্ডৰ বাহুল্য নাই৷নাই কোনো ধৰণৰ বাহ্যিক আড়ম্বৰ৷শংকৰদেৱে অন্ধ-বিশ্বাসৰ পৰম্পৰাস্বৰূপ বলি-বিধান,যাগ-যজ্ঞ,মূৰ্তি পূজা আদিৰ বিৰোধিতা কৰিছিল৷এখন সমতা আৰু মানৱতাবোধৰ ভেটিত প্ৰতিষ্ঠিত সমাজ শংকৰদেৱৰ কাম্য আছিল৷সেয়ে ক’ব পাৰি— “শংকৰদেৱৰ কৰ্ম মানৱাত্মাৰ মুক্তিৰ কৰ্ম৷”(নিৰ্মলপ্ৰভা বৰদলৈঃ সংস্কৃতি আৰু শ্ৰীশ্ৰীশংকৰদেৱ(প্ৰৱন্ধ),শংকৰদেৱঃ সমাজ আৰু সংস্কৃতি, সম্পা. প্ৰদীপজ্যোতি মহন্ত, পৃঃ ১১৬)। গুৰুজনাৰ সেই জ্ঞান-জ্যোতিৰ অন্যতম সৃষ্টি হ’ল ভাওনা—
পুনঃ সূত্ৰ।। আহে সঙ্গী,আকাশে কি বাদ্য বাজতঃ ৷৷
সখী আকাশে দেৱ দুন্দুভি বাজতঃ ৷৷
আঃহে পৰম পুৰুষ শ্ৰীকৃষ্ণ মিলল মিলল মিলল ৷৷
শ্লোক।।প্রৱেশমকৰোৎ কৃষ্ণঃ সংগে বীৰোদ্ধৱস্তদা।
ছত্র চামৰ সংযুক্তো যোগেশঃ সহ যাদৱৈঃ।।
এৰা, কিযে সুমধুৰ অপূৰ্ব কথনশৈলী ৷ এনেদৰেই আৰম্ভ অসমীয়া সংস্কৃতিৰ সৌধ ভাওনা ৷ “কৃষ্ণস্তু ভগৱান স্বয়ং” এই কথাষাৰিকেই সাৰোগত ৰজিতা কৰি ভগৱান শ্ৰীকৃষ্ণৰ গুণ-গৰিমা তথা কৃষ্ণসংস্কৃতিক ৰাইজৰ মাজত বিলাই দিবলৈ গুৰুজনাই যি আপ্ৰাণ চেষ্টা কৰিছিল সেইয়া যেন বৰ্তমানে ক’ৰবাত হেৰাই গৈছে ৷
আজিৰ পৰা কুৰি বছৰৰ আগলৈকে ভাওনাৰ যি গম্ভীৰতা আছিল,গীত,কথা সুৰৰ যি মাদকতা আছিল সেই সমুহে যেন বৰ্তমানে আধুনিকতাৰ ক’বলত পৰি ক’ৰবাত নহয় ক’ৰবাত তাত্ত্বিকতা হেৰুৱাইছে ৷ নামঘৰৰ মজিয়া শুৱনি কৰি সপ্তবৈকুন্ঠ,পূৰ্ণব্ৰহ্মস্বৰূপ ৰত্নসিংহাসনত মুৰ দোৱাই ভাও দিবলৈ আগবঢ়া গাঁৱলীয়া পাহুবাল ডেকা-চেমনীয়া জাকৰ ঠাইত এতিয়া মগাই অনা মানুহচামৰ দপদপনিয়ে ঠাই ল’লে…. টকাৰ পিছে পিছে ভাও কিনা-বেছা৷ আচলতে ভাৱৰীয়াবোৰ ভাৱৰীয়া হৈ ন’ৰল,এককথাত ভাৱৰীয়া গুচি অভিনেতা হ’ল ৷ নামঘৰৰ কেঁচা মজিয়াৰ গোৱৰ আৰু ৰঙামাটিৰ প্রলেপৰ ঠাইত জাকতজিলিকা মঞ্চই অসমীয়া সমাজক ইতিকিং কৰি থিয় দি থাকিল৷ নিভাঁজতাবোৰত পয়ালাগিল সমাজখনত!গুৰুজনাৰ সৃষ্টিতকৈ নিজকে উৰ্ধত ৰাখি সমাজৰ একাংশই ভাওনা প্ৰতিযোগিতাৰ নামত বহুৱালি কৰিবলৈ উঠি পৰি লাগিল৷ এৰা,কথা ক’লেও ওলাই যায় নকলেও নোৱাৰি…হৰি ভকতে দুখ ধৰে বুলিয়ে ভয়, কিযে বিৰম্বনা। ওৰে ৰাতিও ভাও কৈ শেষ কৰিব নোৱাৰা এখন ভাওনা প্ৰতিযোগিতাৰ নামত,ব্যস্ততাৰ অজুহাতত মাঁথো তিনি চাৰিঘন্টাত শেষ কৰি সংস্কৃতিক ভেঙুচালি কৰিব পৰাকৈ এচাম “ভাওনা বিশেষজ্ঞ”ৰ সৃষ্টি হ’ল…৷ যাৰ যি মন যায় তাকে কৰি নিজকে সৰ্বে-সৰ্বা সজাই আঙুলিৰ ঠাঁচত ঘুৰি ঘুৰি ছিন্ন-বিচ্ছিন্ন হ’ল গুৰুদুজনাৰ এই অনুপম সৃষ্টি ৷ দুচকত ধূলি চতিয়াই লোকৰঞ্জনৰ নামত বিশেষজ্ঞই সৃষ্টি কৰা নিয়মাৱলীয়ে যেন যুগদ্ৰষ্টাৰ সৃষ্টিক পখালি পেলাইছে ৷ নামঘৰৰ ভিতৰচ’ৰাত আখৰাৰে ৰজনজনাই থকা পৰিৱেশটো,ভাও দিয়াৰ নামত গঞা ডেকাৰ মাজত হোৱা খুহুতীয়া কথাবোৰ,হাঁহিবোৰ,বচনৰ ভাগ বিতৰণৰ সময়ত ভাও দিয়াজনৰ মনত সৃষ্টি হোৱা আকুলতাবোৰ,নাট সামৰণিৰ সময়চোৱাত ভাৱৰীয়াৰ বুকুত জাগি উঠা আধ্যাত্মিকতাৰ ভাৱবোৰ যেন ক্ৰমশঃ কালৰ বুকুত হেৰাই গৈছে ৷ ৰজাৰ সিংহাসনখনৰ কাষত বহিবলৈ উচপিচাই থকা কণমানিহঁতৰ আব্দাৰবোৰ,সৰি পৰা ধনুৰ কাড়পাত তুলি আনি পিচদিনা লগবন্ধুৰ লগত বচন আওঁৰাই কৰা ধেমালীবোৰ সময়ে দলি মাৰি পেলাই দিলে ৷ আঁৰিয়া,মহতা,চৌতৰা,ভোটা চাকি,ডলা চাকিৰ ঠাইত হেল’জেনে পোহৰ বিলাবলৈ লওতেই সংস্কৃতি কোনোবাখিনিত আন্ধাৰ হৈ পৰিল….৷ গুৰুজনাৰ ভাওনা সংস্কৃতিক অৱগাহন কৰি ভুৰুকাত হাতী ভৰাবলৈ যোৱাৰ দৰে এচামে আধ্যাত্মিকতাৰ নামত যি ভেঙুচালি কৰি আছে বাহিৰে ৰংচঙী ভিতৰে দেখাত কোৱাভাতুৰীৰ দৰে, এৰা— সেইয়া সমাজৰ বাবে ৰঙা মদাৰৰ বাদে আন একো নহয় ৷ ভাওনাক মুল সুঁতিৰ পৰা আতঁৰাই নি নিজকে গুৰু সজাবলৈ যোৱা তথাকথিত বিশেষজ্ঞসকলৰ সাহসক অসমীয়া সমাজখনে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে ৷ কিয়নো এই ভাওনাৰ লগত সংপৃক্ত হৈ আছে মহাপুৰুষ দুজনাৰ এক মহৎ উদ্দ্যেশ্য ৷ এই উদ্দ্যেশ্যক এলাগী কৰি অসমীয়া সমাজে মুৰ ডাঙি থিয় হ’ব নোৱাৰে ৷ যুগদ্ৰষ্টাৰ সৃষ্টিক কুটিল হাতোৰাৰ আচোৰ লাগিবলৈ দিলে এই অসমীয়া সমাজৰ বৰঘৰটিৰ লাইখুঁটাত ঘুণে যে নিবিন্ধব বা মামৰে নধৰিব তাক নুই কৰিব নোৱাৰি ৷ ন বিধ ভক্তিক সাক্ষী কৰি ভাওনাৰ আখৰাতলীত ওপৰমুৱাকৈ থিয় হৈ থকা অগ্নিগড়ৰ চাকিকেইগছি গুৰুজনাই জ্বলাই থৈ যোৱাৰ দৰেই জ্বলি থাকক৷নপুংসকতাৰ ৰহণ নাহানিব…সেই চাকিটো যদি যুগধৰ্মৰ দোহাই দি কৃত্ৰিমতাৰ ৰং সানে তেতিয়াই সংস্কৃতিৰ বুকুত বিভূতিৰ ক’লা দাগ লাগি ৰ’ব ৷ গঞা ৰাইজৰ বুকুৰ উমেৰে জীপাল হৈ থকা গুৰুজনাৰ ভাওনা প্ৰতিজন অসমীয়াৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চিৰপ্ৰোজ্জ্বলিত হৈ ৰওক তাৰে কামনা কৰোঁ৷
সূত্ৰঃ—আহে সামাজিক লোকঃ দেখহ শুনহ নিৰন্তৰে গুৰুজনাৰ সাতামপুৰুষীয়া সংস্কৃতিৰ বৰঘৰত নব্য সৃষ্টিৰ বিড়ম্বনা নাম-লেখা সম্পূৰ্ণ ভেল ৷ ইহা জানি : হৰি বোল হৰি বোল ৷৷
অপৰাধ মাৰ্জনাৰে—
অপৰাধ বিনাশন
তযু নাম নাৰায়ণ
জানি নামে পশিলো শৰণে,
আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি
তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিয়ো চৰণে।। (অপৰাধ ৰঞ্জন ঘোষাঃ৪)
এৰা,গুৰুজনাৰ সৃষ্টি-কৃষ্টি মানৱ জাতীৰ অমূল্য অবদান! মতবাত আৰু ধৰ্ম প্ৰচাৰ যাউতীযুগীয়া যুগে যুগেযুগে—
“যত জীৱন জঙ্গম কীট পটঙ্গম
অগনগ জগ তেৰি কায়া’
ভগৱানেই সর্বময় কর্তা; “একমেবাদ্বিতীয়।” তেৱেঁই স্রষ্টা, তেৱেঁই দ্রষ্টা, তেৱেঁই ধাতা, তেৱেঁই ত্রাতা আৰু তেৱেঁই সংহাৰোতা। সৃষ্টি, স্থিতি, প্ৰলয়ৰ তেৱেঁই অধিকাৰী। এই মতবাদৰ ভিত্তিতে তেওঁ এক শৰণ ভাগবতী ধর্ম প্রবর্তন কৰে আৰু সেয়ে পাছত মহাপুৰুষীয়া ধর্ম বা বৈষ্ণব ধর্ম নামে অভিহিত হয়। একান্ত ভক্তিভাৱে হৰিত শৰণ লৈ তেওঁৰ নাম শ্রবণ, কীর্তন কৰি সংসাৰৰ পাপ-তাপ, জৰা-ব্যাধিৰপৰা মুক্ত হৈ পৰমপদ লাভ কৰিব পাৰি। গীতাত ভগৱানে কৈছে- “সৰ্ব্ব ধর্মান্ পৰিত্যজ্য মামেকং শৰণং ব্রজ। বৈষ্ণৱ ধৰ্মৰ এয়ে মত- “এক দেব, এক সের, একত বিনে নাই কেও।”
শ্ৰীমন্ত শংকৰদেৱৰ মতে-
“কুকুৰ, শৃগাল, গর্দভৰাে আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিবা প্রণাম।” 
সেয়েহে তেওঁৰ ধৰ্মত অস্পৃশ্যতা, জাতি ভেদ, জীৱ-হিংসাৰ স্থান নাই। তেওঁৰ ধৰ্মত সাম্য আদর্শ নিহিত আছে। নগা, মিৰি, খাচী, গাৰাে, যৱন- সকলােৱে তেওঁৰ মহান ধৰ্মৰ প্রতি আকৃষ্ট হৈ তেওঁৰ শিষ্যত্ব গ্রহণ কৰিছিল।
মুঠতে গুৰুজনাই কুৰি বছৰীয়া মানৱী-লীলাৰ কালছােৱাত অসমীয়া সমাজখন আটক ধুনীয়াকৈ সজাই-পৰাই, বৈষ্ণৱ ধৰ্মৰ মহিমাৰে পৱিত্ৰ কৰি, ভাষা-সাহিত্য, সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি, অসমীয়াৰ কণ্ঠত গৌৰৱৰ, গৰিমাৰমহিমাৰ জয়মাল্য পিন্ধাই থৈ গ’ল। একেজন পুৰুষেই ধর্ম, ভাষা, সাহিত্য-সংস্কৃতি আৰু সমাজবাদ প্রতিষ্ঠাত ইমানবােৰ অৱদান, অৰিহণা দি যাবলৈ সক্ষম হােৱা মহাপুৰুষ ভাৰত কিয়, পৃথিৱীৰ বুৰঞ্জীতে শ্ৰীমন্ত শংকৰদেৱৰ বাদে দ্বিতীয় এজন অৱতাৰ হােৱা নাই । তেওঁ মানৱলীলা সম্বৰণ কৰােতেও এপাহ পদুম ফুলৰ ৰূপতহে অৱশিষ্ট ৰাখি থৈ গৈছিল জনসমাজত।
এৰা, শেষত কওঁ যে— সমাজত জাত-পাতৰ প্ৰকোপ, বিশেষকৈ বিয়া-বাৰুৰ ক্ষেত্ৰত, এতিয়াও বৰ্তি আছে। এসময়ত গুৰুজনাক চৈতন্যদেৱৰ শিষ্য বুলি প্ৰমাণ কৰিবলৈ কৰা চেষ্টা অথবা গুৰুজনাৰ সৃষ্টিৰাজিক সম্পাদনা কৰি ভুলকৈ ছপা কৰাৰ দৰে ঘটনা বহু সময়ত তাৰ উদাহৰণ পোৱা যায় অনাগত দিনতো যে নঘটিব, সেয়া দৃঢ়ভাৱে ক’ব নোৱাৰি। একশৰণ নামধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰো আজিৰ তাৰিখত ক্ষীণ। এনেবোৰ কাৰণতে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ দৰে এক অনুষ্ঠানৰ উপস্থিতি বৌদ্ধিক তথা সামাজিক স্তৰত অতি জৰুৰী। সেইবাবে কালৰ লগত খোজ মিলাই নতুনত্বৰ মাজেৰে বিবৰ্তনৰ যি নীতি-নিয়মত সংশোধন কৰি, বাহিৰা যিকোনো শক্তিৰ লগত ফেৰ মাৰি ধৰ্মালোচনাৰ মাজেৰে কলিত নামধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি, বহল মনোভাৱেৰে সকলোৰে মনত প্ৰথমে কৃষ্ণপ্ৰেমৰ অৱস্থিতিৰ ফুলমালা স্থাপন কৰি সেই অৱস্থিতিকে আনন্দ আৰু পাছলৈ আসক্তিলৈ ৰূপান্তৰ কৰি কেৱল অসমতেই নহয়, বিশ্বৰ বিভিন্ন ঠাইত শঙ্কৰদেৱ সংঘ আগুৱাই যাওঁক— আমি মূঢ়মতিয়ে তাকেই কামনা কৰোঁ! শেষত সবাৰে কল্যাণ হওক—
মোৰ দোষ গুণ নিবিচাৰি নাৰায়ণ।
নিজ কৃপা গুণে হয়োক প্ৰসন্ন।

বিঃদ্রঃ— তথ্যসমূহ সংগ্রহ কৰা হৈছে।
—দুৰ্ল্লভ সোণোৱাল।
ডিব্ৰুগড় বিশ্ববিদ্যালয়।
ফোনঃ— ৯৮৫৪৭৭৩৯৮৯
৯/০৯/২০২৩

Design a site like this with WordPress.com
Get started