অপ্রত্যাশিত কবিতাটো

আপুনি বাৰু কবিতাৰ চুৰ দেখিছে নে?
দেখিছে নে শিৰোনামৰ শব্দ গাঁঠনিৰ
মাইল খুঁটা ইফাল-সিফাল কৰা
চকু চাট মাৰি ধৰিব, নিজকে অনুভৱ হ’ব
এৰাল চিগা গৰুৰ দৰে, আঁতহেৰুৱাব
ঘটিছে কি…?
নকৰিবা চোন তেনে
নিজক চহকী কৰাৰ অজুহাতত
নাভাঙিবা চোন বিশ্বাস নিজৰ মাজত ।
এৰা, কবিতাৰো থাকে একোটা জীৱন
য’ত থাকে প্ৰেম,মৰম,ভালপোৱা
অথবা দুখ-সুখৰ একোখন জীয়া ছবি…!
ক’ত যে বন্ধা থাকে চেনেহৰ একোডাল জৰী
হৃদয়ৰ পৰা হৃদয়লৈ…
হাতযোৰ কৰিছোঁ আপোনাক,আপোনালোকক
আৰু তোমাক; আগলৈও কৰি যাম…
ঈশ্বৰ নামৰ আদালতত সাক্ষী আছে
আইনি মেৰপাকত যে কবিতা চোৰক
বন্দী কৰিব নোখোজে…
উচিত প্ৰমাণো হৈ পৰে এখিলা উকা কাগজ…!
আচলতে দুখীবানো কাক
“সভ্যতা, তুমি কিমান আগবাঢ়িবা…?”
আই বুলিলেও জগৰ, বোপাই বুলিলেও জগৰ
কিম্বা…পয়ালগা ! তথাপিও…
প্লিজ (Please)অকণমান শুনিব চোন ডাঙৰীয়া
এষাৰ মাত দিবচোন, আমাৰ বাবেও
শুনিব চোন কবিৰ কবিতাৰ কান্দোন,
যদি সময় হয়….অনুৰোধ কৰিছোঁ!
ঠিকে আপোনাক কৈছোঁ…
একোজন কবিৰ কবিতাক চুৰি নকৰিব।
দিনক ৰাতি কৰি ৰ’দ-বৰষুণ নেওচি,
জন্ম দিয়ে; একোজন কবিয়ে…
একোটা কবিতা নামৰ সন্তান
কেতিয়াবা কবি বিৰহত চত ফটাই মৰে
কেতিয়াবা উজাগৰি কটায়
আৰু কেতিয়াবা আবেগত
আপোন পাহৰা হৈ পৰে জন্ম দিয়াৰ মানসেৰে…!
কোনোদিন নিবিচাৰে মখমলৰ পালেং
নিজৰ স’তে নিতৌও যুদ্ধ কৰে
কবিয়ে, যি দৰে কঢ়িয়াই লৈ ফুৰে
এগৰাকী মাতৃয়ে ন-মাহ দহ-দিন গৰ্ভত
একোটা সন্তান, ঠিক সেইদৰে…!
আকৌ কৈছোঁ ফুলিবলৈ দিবা চোন
কবিতাবোৰক…ফুলহৈ
চুৰ কৰি হাত-ভৰি-মূৰ
অস্ত্ৰো-প্ৰচাৰ প্লিজ(Please)নকৰিব,
নলগাব যতে-ত’তে
বৰ কষ্ট পায়…অ’
জানাই চোন একোটা কবিতা জন্ম দিয়া মাত্ৰ কবিজন ভিতৰি মৃত্যু হয়…!
পুনৰ কৈছোঁ কবিতা চোৰৰ অভাৱ নাই
আনৰ কবিতাক নিজৰ সজায়
বাহঃ বাহঃ লোৱাৰ অভ্যাস নাই।

— দুৰ্ল্লভ সোণোৱাল।
২৩/০৪/২০২৪

Design a site like this with WordPress.com
Get started