আঘোণৰ পথাৰত মইনাহঁতৰ ধেমালি

মই চহা ঘৰৰ ল’ৰা
বোকা আমাৰ অলংকাৰ…
সেউজীয়া পথাৰখন আমাৰ প্ৰাণ
প্ৰতিটো পুৱাই আমাৰ সপোন …।

আঘোণৰ পথাৰৰ এক অপূৰ্ব সমাহাৰ,চাৰিদিশে এতিয়া এক পকা পকা ফুৰফুৰীয়া সুৱাহ ণাকত লাগি ধৰে ,চহা কৃষক সমাজৰ কাৰণে আঘোণ মাহটো এক বহু অপেক্ষিত আৰু আকৰ্ষণী সোণোৱালী সময়। চহা মনৰ চহা পৰিয়ালৰ প্ৰতিটো শিশুৱে আঘোণৰ সময়ছোৱাত আত্মবিভোৰ হৈ পৰে না না ৰং-ধেমালিপূৰ্ণ পৰিবেশৰ মাজত। মোখত এমোখোৱা এক প্ৰাণ খোলা হাঁহি লৈ জীৱনৰ ৰং বোৰ উপভোগ কৰে। সোণালী পথাৰখনত দাৱনীহঁতে ধান দাবলৈ পালে কি নাপালে,লগে লগে পথাৰলৈ পোনাকন, মইনাহঁতৰ আগমন হয়। আৰম্ভ হয় নতুন দিগন্তৰ সন্ধানত নৰাপেপাঁ বনোৱা,ফৰিং ধৰা চেঁচোৰ খন্দা, কেহেৰু খন্দা,ধানৰ মাহী বিচৰা,লেচেৰি বোটলা আদি বিভিন্ন ধৰণৰ হাঁহি,ৰং-ধেমালি। পকা ধানৰ গোন্ধ নাকত লাগে এক ফুৰফুৰিয়া সুৱাহ। ‘পকা ধানৰ মাজে মাজে সৰু সৰু আলি’কেইটাৰ পৰা উৰি লৰ মৰা বতা চৰাই বা ভাটৌ চৰাইকিটা দেখি মইনাহঁতৰ মনত কি যে আনন্দ ! তাতে আকৌ জাক জাক শালিকা চৰাই,কানৰিকাচৰাই, টুনি চৰাই আলি ঢাকি গীত যোৰাৰ অপূৰ্ব দৃশ্য সন্ধিয়া বেলি লহিয়াবৰ সময়ত, একে বাৰে মন চুই যায়। সেইবোৰৰ মাজতে নৰাপেঁপা বজোৱাৰ যেন আনন্দই সুকীয়া! পেঁপাৰ বাবে মনপছন্দৰ নৰা বিচাৰি ফথাৰখন ইমূৰৰ পৰা সিমূৰলৈ চলাথ কৰে। দীঘল আৰু শকত পাবৰ নৰা এডাল লৈ নৰাডালৰ মূৰত এটা গাঁঠি ৰাখি আঢ়ৈ-তিনি ইঞ্চিমান জোখত কাটি লয়। গাঁঠি টোৰ ঠিক ওচৰতে আঙুলিৰে মোহাৰি নতুবা কাচি বা কটাৰীৰ আগেৰে ফালি ছটামান ছিৰি বনাই লয়। তাৰ পাছত কটা মূৰেদি বতাহ সোমাব পৰাকৈ বিন্ধাটো সৰু নৰা এডালেৰে খুঁচি বাটতো মুকলি কৰি দিয়ে। অৱশেষত ফলা মুখৰফালটো মুখত। ভৰাই ফু মাৰি দিলেই পেঁপা বাজি উঠে ।পাঁপে বাজিলেই মইনাৰ মুখত কিৰিলি , নাবাজিলেই ঠেহপাতে, মাক’ক খাতনি ধৰে। সাধাৰণতে পাববোৰৰ আকৃতিৰ ওপৰত ভিত্তি কৰি পেঁপাবোৰৰ পঁ,পুঁ,পেঁ,পি‌ঁ,পোঁ আদি মাতবোৰ ওলায়। এনেদৰে নৰাপেঁপা বজাই মইনাহঁতে আঘোণৰ পথাৰৰ আলিয়ে আলিয়ে গীত গাই,দৌৰ মাৰে এক দৃষ্টিনন্দন গতিৰে । সেয়েহে হয়টো সকলোৱে পোনৰ শিশু জীৱনৰ আনন্দবোৰ গীত,লিখনিৰ মাজেৰে পোণৰ ঘোৰাই পাব বিছাৰে,বহু ক্ষেত্ৰত দাবি কৰে।
শিশুসকলৰ অন্যতম খেল লুকাভাকু ।এই বিধ খেলৰ ধামালি আকৌ ওখ নৰাৰ মাজে মাজে খেলি ভাল পায় মইনাহঁতে, সৰু সৰুকৈ নৰাঘৰ সাজি, মাকৰ চাদৰ আৰ কৰি ভিতৰত ওমলা আদি। মাক-দেউতাকে পথাৰত ধান দোৱাত ,ঘৰলৈ ডাঙৰী নিয়াত ব্যস্ত থাকোঁতে মইনাহঁতৰ কণ কণ ভাই-ভনীসকলক সৰু সৰু নৰাঘৰ সাজি ওমলোৱাটো আগতে সততে চকুত পৰা দৃশ্য আছিল। এতিয়াও কম পৰিমাণে দেখা পোৱা যায়, যিহেতু সৌ সিদিনা গাঁৱলে যাওঁতে তেনে সুকিয়া পৰিবেশ এটা দেখি আহিলো , মনটো মোৰ বাৰে বাৰে ল’ৰালিৰ মাজলে দৌৰ মাৰিছিল আৰু আঘোণে মোক ৰিঙিয়াই মাতিছিল, ক্ষন্তেকৰ কাৰণে সোণালী পথাৰখনত নিজৰ ল’ৰালি বিছাৰি পাইছিলো। এক ভগীৰ শান্তি লভিছিলো ,কি যে আছিল লৰালিৰ সেই সুমধুৰ দিন। এতিয়া আৰু বিচাৰিলেও নাপাওঁ।
সোণালী পথাৰখনত ধান আৰু ধান। কিছুমান ধানৰ ছিৰাটোৰ কাষত কলা ৰঙৰ এটা টুপলি বান্ধে,যিটো ধানৰ মাহী বুলি কোৱা হয়। আৰু এই ধানৰ মাহীৰ সৰা ফোঁট লোৱাটোও দাৱনী আৰু শিশুসকলৰ যেন এক প্ৰকাৰৰ চখ। যাক গাঁৱলীয়া জনসমাজ আই লক্ষ্মী ফোঁট বা সৰস্বতী ফোঁট বুলিও কোৱা হয়। শৈশৱে বহু কথাই কৈ যায়, শৈশৱত চেঁচোৰ পম গেদি চেঁচোৰ খন্দাটোও প্ৰতিজনচহালোকৰে এক স্মৰণীয় মুহূৰ্ত। পথাৰত সেমেকা বা কোমল জেকা মাটিত লাহি গোটা গোটা পিঁয়াজ পাতৰ নিচিনা অলপ দীঘল পাতৰ চেঁচোৰবোৰ গজে আৰু মাজে মাজে দুই এজোপা কেহেৰু। ইয়াৰ মূল অংশটোৱেই হ’ল মইনাহঁতৰ খাদ্য আৰু এই চেঁচোৰ গুটি খান্দি সকলোৱে মিলিজুলি লগেভাগে চেঁচোৰ সোৱাদ লয় । চেঁচোৰ স্বাদ মিঠা।
সোণালী দিনৰ সোণলী শৈশৱ, ইয়াৰ লগে লগে আৰম্ভ হয় শিশুসকলৰ লেছেৰি বোটোলাৰ অন্য এক মনোৰম দৃশ্য। গাওঁ আঞ্চলৰ কণ কণ মইনাহঁ সকলে হাতত খৰাহি বা বেগ, তঙাল লৈ হাঁহি-ধেমালিৰে লেছেৰি বুটলিবলৈ পথাৰত উমলি ফুৰে আঠুলৈকে পৰা নৰাবিলাকৰ মাজে মাজে। দাৱনীসকলে ধান দাওঁতে কিছুমান ধানৰ থোক চকুৰ পৰা লুকাই সাৰে আৰু সেই থাকি যোৱা থোকবোৰ লৰাহঁতে বুঠলি মুঠি মুঠিকৈ বান্ধে আৰু তাকেই লেছেৰি বোটলা বুলি কৱো হয়। কেতিয়াবা নৰানিৰ পৰা ডাঙৰী কঢ়িয়াই ঘৰলৈ নিয়াৰ পাছত নৰানি ডৰাত ভাগ্য ক্ৰমে দুই-চাৰিটা ধানৰ মুঠিও ৰৈ যায় ।তাৰে যদি দুই-এমুঠি মইনা সতে বুটলি পায় তেতিয়া আনন্দত আত্মহাৰা হৈ পৰে। আগতে লেছেৰি বেছি বা খুন্দি বহুতো শিশুৱে একেলগে মাঘ বিহুৰ উৰুকাৰ ভোজ-ভাতৰো আয়োজন কৰে আৰু আন কিছুমানে খেতি সামৰি গৰখীয়া ভোজৰ আয়োজন কৰিছিল। অৱশ্যে ৰং-তামাচাৰ লগতে আৰ্থিক দৈন্যৰ দিশটোও কিছুক্ষেত্ৰত উলাই কৰিব নোৱাৰি। আজিকালি এই লেছেৰি বোটলা দৃশ্য বিৰল হৈ আহিছে যদিও এতিয়াও ঠায়ে ঠায়ে দেখিবলৈ পোৱা যায়। শৈশৱৰ এই সৰল উপলদ্ধি লেছেৰি বোটলা সময়খিনিৰ স্মৃতি প্ৰতিজন চহাব্যক্তিৰ বাবে স্মৰণীয়।
মোৰ অনুভৱ হয়, সকলোৱে আঘোণৰ পথাৰৰ সপোনবোৰ জুমি চাব খোজে ,ভিন্ন জনে ভিন্ন ধৰণেৰে। লেছেৰি বুটলি শেষ হোৱাৰ পাছতেই আতি আদৰৰ মাঘ বা ভোগালী বিহু আহি পদূলি মোখত ৰৈ‌ থাকে। লগে লগে শিশু বা গাওঁৰ চেমনীয়া ডেকাচামৰ মন উলাহে নধৰা হয়।এইবাৰ উলহ মালহেৰে হেপাহৰ ভেলাঘৰ বনাবৰ বাবে হাতে-হাতে কাচি বা কটাৰী লৈ লগে ভাগে সকলোৱে নৰা কাটিবলৈ পথাৰলৈ ঢাপলি মেলে। বেছিভাগ চহালোকে পথাৰত ভেলাঘৰ বা মেজি সাজিবলৈ অকণমান জেগা চিকুণাই লয়। কেতিয়াবা কেতিয়াবা ভেলাঘৰ সাজিবৰ সময়ত জ্যেষ্ঠ সকলেও সহায় কৰি দিয়ে। তদুপৰি ধান দাই নৰা কটিহোৱাৰ পাছত মুকলি পথাৰখনত টাংগুটি,গোবৰ মাৰি,হাইগুদু,ধুপখেল, ক্ৰিকেট,চৈ,বলী বল, ঘীলা আদি বিভিন্ন ধৰণৰ খেল ধেমালিৰ আনন্দ লয়।
এই সোণালী সময়তে সকলো দিশে দেখিবলৈ পোৱা যায় শৈশৱৰ সেউজীয়া ৰং বোৰ ,যত শিশুসকলৰ নিষ্পাপ-নিষ্কলুষ মনৰ আনন্দৰ বহি: প্ৰকাশ আৰু এই হালধীয়া সোৱাহে ভৰপূৰ পথাৰখনৰ লগত চহা সমাজৰ কোমলমনা শিশুসকলৰ ওতঃপ্ৰোত সম্পৰ্ক। পথাৰত টেঙাৰ জুতি, দুপৰীয়া ভাতৰ জুতি,নৰাপেঁপা বনোৱা,ফৰিং ধৰা ,মাছ ধৰা,চেঁচোৰ খন্দা,ধানৰ মাহী বিচৰা,লেছেৰি বোটলা আদি বিভিন্ন ধৰণৰ ৰং-ধেমালিবোৰ প্ৰতিজন চহালোকৰে শৈশৱৰ এক মধুৰতম অমৃতময় স্মৃতি;আঘোণৰ পথাৰ মইনাহঁতৰ ধেমালি। সেয়ে আজি আঘোণে ৰিঙিয়াই মাতে।

ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়
সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰ
দুৰ্লভ সোণোৱাল
যোগাযোগ নং:—৯৮৫৪৭৭৩৯৮৯
তাৰিখ:—২৪/১১/২০১৯

কবিতা

আইৰ বুকুত জুই

চাৰিওফালে পোৰা পোৰা গোন্ধ
জুই জ্বলছে।
দপ্ দপ্ কৈ জ্বলিছে চৌদিশ।
অসমীৰ সন্তানৰ বুকুত জুই,
চকুত তেজৰ চেকুঁৰা
চিঞৰত ভঙা মাত…

আইৰ…
বুকুৰ বিননি কোনে শুনিব!

প্ৰতিবাদৰ দাৱানলত উত্তাল হৈছে
এই প্ৰাণৰ অসম ভূমি।

আইৰ মান ৰাখিব কোনে?
ৰক্ষকেই য’ত ভক্ষক!

আজি দেখোন ৰজা ঘৰী য়াও
হ’ল আকোঁৰগোজ ।
বৰ্তমান আইৰ বুকুত
ভূমি পুত্ৰৰ হুংকাৰ!

সাৱধান!
সাৱধান হোৱা ৰজা
আমি লুইত পৰীয়া অসমীয়া
আমি লাচিতৰ দেশৰ অসমীয়া
শেষ বিন্দু তেজ থকালৈকে
যুঁজিম আমি।

নিজৰ প্ৰাণদি…
বুকুত গুজিম আই অসমী ধ্বজা
আই অসমীৰ ধ্বজা।
********************

দুলীয়াজান কলেজত অধ্যয়ন কৰি থকা অৱস্থাত ২০১৮ চনত দুলীয়াজানৰ বিহুতলীত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ বাকৰিত লিখা হৈছিল এই কবিতাটো ,আজি পোনৰ আপোনাসবৰ মাজত আগৱঢ়ালো।
ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়
সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰ
দুৰ্লভ সোণোৱাল
যোগাযোগ নং:-৯৮৫৪৭৭৩৯৮৯

আমাৰ সমস্যাৰ আমি জীৱ শ্ৰেষ্ঠ মানৱ সমাজেই আদি মূলতঃ সূত্ৰ দ্ধাৰ

(আমাৰ সমস্যাৰ আমি জীৱ শ্ৰেষ্ঠ মানৱ সমাজেই আদি মূলতঃ সূত্ৰ দ্ধাৰ )

সাম্প্ৰতিক সময়ত আমাৰ মাজত ইমানেই সাগৰীয় ঢৌ আৰু ধুমুহা অহাৰ দৰে সমস্যাৰ প্ৰলয় আহিব ধৰিছে যে, ইয়াৰ দ্বাৰা হয়তো বিশ্বজুৰি সমস্যাবোৰো ভাগৰিব ধৰিছে। পৃথিৱীৰ জীৱ শ্ৰেষ্ঠ বুলি কোৱা এই ‘মানুহ’ নামৰ দুঠেঙীয়া প্ৰাণী টোক সঁচা অৰ্থত জীৱশ্ৰেষ্ঠৰ আখ্যা দিব পাৰি জানো? হয়তো ইয়াৰ উত্তৰ ১০০০ জনৰ ভিতৰত ১০০ জনৰ, ১০০ জনৰ ভিতৰত ৮০ জনৰেই নকাৰাত্মক হ’ব। সঁচা অৰ্থত ইয়েই ক’বলৈ গ’লে চিৰ সত্য। সাধাৰণতে দুৰদশনৰ পৰ্দাত, অনাতাঁৰ সংযোগৰ দ্বাৰা, বিভিন্ন জনসংযোগ মাধ্যমৰ (বিশেষকৈ ফেচবুক,ওৱাটচএপ, টুইটাৰ, ইনষ্ট্ৰাগ্ৰাম আদি) দ্বাৰা দেখিবলৈ পোৱা উদ্ভূদ ধৰণৰ বিভিন্ন আচৰিত কাণ্ডবোৰৰ আঁৰত জানো আমিয়েই নাই ? এয়াই আমাৰ পাবত গজা পৰিচয়, জীৱ শ্ৰেষ্ঠ মানবৰ জীৱ শ্ৰেষ্ঠৰ বাস্তৱ সত্যতা চিত্ৰখন সম্পূৰ্ণ বিপৰীত। ক’বলৈ গ’লে বৰ্তমান ১০০ জনৰ ভিতৰত হয়তো ২০ জনৰ বাহিৰে বাকী ৮০ জনেই সমাজ বিৰোধী, সমস্যাৰ উৎস মূলক কাম, বিভিন্ন বেয়া কাৰ্য-কৰ্ম বোৰ কৰা দেখা যায়,যাৰ জৰিয়তে বাকী ভাল ২০ জনৰো এই ৮০ জনৰ লগত ভুল নতুবা প্ৰলোভনৰ কবলত পৰি মিছাতে নাম সাঙোৰ খাই পৰে। জীৱকূলৰ অন্য সকলো জীৱ-জন্তু,প্ৰাণী ভিতৰত সকলোতকৈ পৃথক মানুহ। মানুহৰ বুদ্ধিমত্তা, চিন্তা, শক্তিৰ উচ্চতা, উত্তৰণ, আবিষ্কাৰ, ভাল-বেয়া উচিত অনুচিত আদি গুণ থকা বাবেই হয়তো জীৱ শ্ৰেষ্ঠ বুলি আখ্যা দিয়ে। কিন্তু বহু সময়ত কাণ্ড কাৰ্য্য বোৰ দেখিলে ইয়াৰ বৈশিষ্ট্য ওলোটা হোৱা দেখা গৈছে।যাৰ বাস্তৱ ৰূপ বহু ক্ষেত্ৰত বেয়া আবিস্কাৰ,বেয়া কাণ্ডৰে প্ৰকাশ পায়।যাৰ অবিহনে আমাৰ অস্তিত্ব আমি নাইকিয়া কৰিবলৈ গৈ আছো ,সকলো ধূলিৎসা হৈ পৰিছে । দ্ৰুতগতিত আমি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি প্ৰতি দিনে প্ৰতিটো মূহুৰ্তত কি কৰিছো তাৰ হয়তো হিচাপ সহজে দিব নোৱাৰিম। এবাৰ পোনতে কবলৈ গ’লে আমাৰ চকুৰ পচাৰতে ধ্বংস কৰি থকা গছ-গছনিৰ বাস্তৱ পৰিণতিতেই এই ৰূপ। ইয়াৰ পৰাই হয়তো আমি হেৰুৱাই পেলাইছোঁ বহুত মূল্যবান সম্পদ আৰু আমাৰ বহু মূলীয়া জীৱনতো। ভাবিবলৈ কৰো সময় নাই, ধন্য জীৱশ্ৰেষ্ঠ মানৱ সমাজ। বিজ্ঞানেও হয়তো এই বোৰ বন্ধ কৰিব নোৱাৰিব । যি আমাৰ সজাগতা, আমাৰ সু-চিন্তা, আমাৰ প্ৰতি আহিবলগীয়া দুৰৱস্থাৰ আগজাননীয়ে আমাৰ জীৱ শ্ৰেস্ঠতাৰ গুণ জানো জগাই তুলিব।
শুই থাকিলে নহ’ব,জাগ মানৱ সমাজ জাগ … ভবিষ্যতৰ কথা চিন্তা কৰিবলৈ হ’ল। ডাঙৰ ডাঙৰ কথাৰে নহয় কামেৰেহে সকলো হয় । হাতে কামে লাগিব’ৰ হ’ল বৰ ভেটি গঢ়িব’ৰ হ’ল! নহ’লে নিমিষতে সকলো শেষ হৈ যাব।হে বুদ্ধি মান কামেৰেহে আমাৰ মানৱতা প্ৰকাশ পায় । সঁচা অৰ্থত সঁচা মানৱতাৰেহে হয়তো এজন দুজনকৈ সমগ্ৰ বিশ্ব সমাজকে নতুন দিগন্তৰ সন্ধান দিব পাৰি। আমি কৰা ভুলৰ সমাপ্তি আমি ভূগি থকা সমস্যাই হয়তো ইয়াৰ বাস্তৱ ৰূপ। কিছুমান অ-পদাৰ্থ মূলক কথাই মানুহৰ মাজত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, কাৰোবাক দেখিলে কাৰোবাৰ যাত্ৰা ভংগহোৱা, কাৰোবাৰ সানিধ্যই কাৰোবাৰ জীৱনলৈ বিপদ নমাই অনা আদি সমস্যাৰে মিছা আৰোপ কৰি যদি কাৰোবাৰ জীৱনটোক ডাইনীৰ নাম দিয়ে, ডাইনীৰ ৰূপত কাৰোবাৰ মৃত্যু পৰ্যন্ত শাস্তি দিয়ে এইয়া জানো আমাৰে চিন্তা নহয়, যি আমাৰ মানৱতাক আমাৰ শ্ৰেষ্ঠতাক নিজেই সমস্যাৰ ৰূপ দিছো, ইয়াৰ সত্যতাই হয়তো আমাৰ সকলোকে এদিন আমাৰ মানৱতাৰ ভাৱ নাইকিয়া কৰি পেলাব । যাৰ পৰিণতিত হয়তো এদিন এজনে আনজনৰ বাবে ডাইনী সদৃশ হৈ পৰিব।এইয়া আমাৰ চাৰিওঁ বেৰৰ মাজৰে কাহিনী,যি কাহিনীৰ হয়তো আমি একোজন অভিনেতা আৰু সেই নাটক খনৰ মূল দশক।
বৰ্তমান সমাজ ব্যৱস্থা বৰ জটিল। আজিৰ এই সমাজ ব্যৱস্থাত বহু ক্ষেত্ৰত মৰেল পুলিচৰ দাদাগিৰিও প্ৰায় দেখা পোৱা যায়। আজিৰ ৰাজপথত অসংখ্য পুলিচ-কৰ্মচাৰীৰ ভুৱা চেকিং। ৰাস্তা বন্ধ কৰা,মিছাতে জনসাধাৰণক নিৰাপত্তাহীনতাত ভূগিবলৈ দিয়া—এইবোৰে আমাক আঙুলিয়াই দিয়ে যে আজি ‌আমি সৰ্বতে সকলোৱে স্বাৰ্থৰ বাবে কান্দোঁ।আমি সকলোৱেই দশকৰ ৰূপত থাকো। হয়তো তাত অভিনয়ৰ মূল সূত্ৰ দ্ধাৰ নিজেও হওঁ, যেতিয়া চেকিঙৰ সময়ত অনুজ্ঞাপত্ৰৰ নথকাৰ ফলত হাতৰ তলোৱাৰে খমখমিয়া মোটা নোটৰ টোপোলা তেওঁলোকলৈ বুলি দলিয়াই দিওঁ, হয়তো আমি সকলোৱে দেখোঁ ধপাঁত নিষেধ অঞ্চলত কোনো কোনো লোকে ধপাঁত জাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত কোনো চৰকাৰী পুলিচ-কৰ্মচাৰীয়ে সেই ধপাঁত সেৱনকাৰী জনৰ পৰা মোটা অংকৰ ধন লয় আৰু বিভিন্ন ধৰণৰ দাবি কৰে কেতিয়াবা শাস্তিও প্ৰদান কৰে। আকৌ তাৰ বিপৰীতে সেই ৰূপতে অৰ্থাৎ চৰকাৰী কৰ্মচাৰী জনে বা তেওঁলোকৰ সন্তানে ধপাঁত সেৱন কৰি থাকে হয়তো কোনেও একো পৰিমাণ বা শাস্তি দিবলৈ বা লবলৈ আগবাঢ়ি নাযায়, য’ত দুয়োটা মুহূৰ্তত আমি দশকৰ ৰূপত থাকোঁ। তাৰ বাবেও জানো আমিয়ে প্ৰধান দায়ী নহয়? য’ত আমি পৰিৱৰ্তন আনিব পাৰোঁ তাত আমি নীৰৱ দশক হৈ ৰহস্য অনুভৱ কৰোঁ। দেখিওঁ নেদেখা মানুহৰ দৰে। ইয়াৰ উপৰি নিতে বহুত ঘটনা বহুত ৰহস্যৰ আমি হয়টো নীৰৱ দশক হৈ কেৱল চাই ৰওঁ। সমাজত ঘটি থকা এক ঘৃণনীয় অশ্লীল কাণ্ড, যাৰ দ্বাৰা নাৰী সমাজে আজিও মুক্ত মনেৰে আমাৰ মাজত আহিবলৈ ভয় কৰে, ৰাতি ৰাজপথত অকলে খোজ কাঢ়িবলৈ ভয় কৰে। তেওঁলোকে প্ৰতি দিনেই হয়তো এই প্ৰাৰ্থনা কৰিয়ে প্ৰথম খোজ দিয়ে—হে ভগৱান, মোক ৰক্ষা কৰিবা,মোক যাতে ভালে কুশলে ঘৰ সোমোৱাহি আদি। ইয়াৰ দ্বাৰা ইয়াকে বুজা যায় যে,আমি নিজৰ মাজতে নিৰাপত্তাহীন,প্ৰতিগৰাকী নাৰীয়ে সদায়ে ইয়াৰ বিপৰীতে প্ৰতিবাদ,সংগ্ৰাম কৰি আহিছে,যাৰ পৰিণতিত আকৌ অনিৰাপত্তাত ভূগিব লগা হয়।হয়তো এই কাণ্ডটোৰ নাম সকলোৰে পৰিচিত যাক ইংৰাজীত Rape বুলি কোৱা হয়। পৃথিৱীৰ ভিতৰতে আমাৰ দেশ ভাৰতবৰ্ষই চাগে প্ৰথম খন দেশ, য’ত প্ৰতি দিনাই নাৰীক এই কাণ্ডৰেই সমাজৰ ঘৃণনীয়তা সানি দিয়ে,যাৰ পৰিণতিত তেওঁক আমিয়েই কিছু লজ্জাজনক বেয়া, অশ্লীল শব্দৰ ব্যৱহাৰে অসন্মানিত কৰোঁ যাৰ ফলত সেই নাৰী গৰাকীয়ে বহু ক্ষেত্ৰত আত্মহত্যা পৰ্যন্ত ঘটনালৈ আগবাঢ়ি যায়। এইয়া নেকি আমাৰ মানৱতা, এয়াই নেকি আমি জীৱ শ্ৰেষ্ঠ বুলি কোৱাৰ বাস্তৱ অধিকাৰ, য’ত ইজনে আনজনৰ বাবেই সমস্যা।
ৰাজনীতিৰ পথাৰ খনত চাবলৈ হ’লে নিৰ্বাচনৰ ,সময়ত হাজাৰ,হাজাৰ ৰঙীন সপোন বাস্তৱ কৰাৰ প্ৰতিশ্ৰুতিৰে সাধাৰণ জনতাৰ মূল্যবান ভোট যি কাঢ়ি লৈ নিৰ্বাচনত জয়ী হৈ পাঁচটা বছৰত বেংক বেলেঞ্চ বৃদ্ধি কৰে,নিজৰ ল’ৰা-ছোৱালীক বিদেশত পঢ়োৱাই, ডাঙৰ ডাঙৰ অট্টালিকাৰ মালিক হোৱা আদিৰ বাস্তৱতা সেই সকলৰ বাবে বাৰু এয়াই জীৱ শ্ৰেষ্ঠতাৰ পৰিচয় নেকি? তেওঁলোকৰ সেই কাণ্ডই হয়তো হাজাৰটা সপোনক সফল কৰাৰ সপোন দেখুওৱা সেই হাজাৰজন সাধাৰণ জনতাৰ মাজত নতুন হাজাৰটা সমস্যা সৃষ্টি কৰিলে,যাৰ বাবে সেই স্বাৰ্থলোভি ৰাজনীতিবিদ সকলোৰে বাবে মূল সমস্যাৰ ৰূপ ল’লে।
গীতৰ সুৰেৰে ভিন্ন জনে গাইছে তাৰ ভিতৰত মাজতে আমাৰ ভূপেন দাই গাইছিল মানুহৰ বাবে মানুহৰ গান —’মানুহে মানুহৰ বাবে’ ‘যদিহে অকণো নাভাবে’ তেওঁ গাই গ’ল হয়, কিন্তু আমি এইয়া কি কৰিছো ? হয়তো আমাৰ মাজৰ সমস্যাবোৰৰ প্ৰধান সৃষ্টি কৰ্তা আমি দু-ঠেঙীয়া বোৰেই । কোনো শিশুৱে যেতিয়া যৌনতাৰ বিষয়ে অভিজ্ঞতাজনৰপৰা জানিব বিচাৰে তেতিয়া হয়তো সেই শিশুটোক সেই বিষয়ে ভালকৈ নজনোৱাৰ বাবে সেই শিশুটোৱে ইন্টাৰনেট সেৱাৰ অপপ্ৰয়োগৰ জড়িয়তে বিভিন্ন বেয়া কৰ্ম কৰাৰ সাহস কৰে,যাৰ আঁৰত আমি,আকৌ কোনো ব্যক্তিয়েই যেতিয়া নাৰীক নিৰ্যাতন কৰাৰ দশক হওঁ, আমি তেওঁক সমাজৰ ‘ভিলেইন’ সজাওঁ এয়াও অপ্ৰিয় হ’লেও জানো আমাৰ বাবেই হোৱা নাই যানো।
এইসেন উত্তৰ আধুনিক যুগত সচাঁ অৰ্থত আমি যদি এনেকুৱা প্ৰক্ৰিয়াতে আগবাঢ়ি যাওঁ হয়তো যিমানে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণ বা বিকাশ নহওঁক কিয়,আমি সচাঁ মানৱতা, জীৱ শ্ৰেষ্ঠতাৰ গুণ সজাই তুলিব নোৱাৰিলে আমি এদিন পিচলি পৰিম আৰু এজনে‌-আনজনৰ বাবে ডাইন-ডাইনী সদৃশ‌ নৰ পিশাছলে পৰিণত হ’ম। আমি আমাৰ মানৱতা সলনি কৰিব হ’ল। আমাৰ মাজত লুকাই থকা অসীম ভাল গুণ জগাই তুলিব হ’ল তেতিয়াহে আমি, আমাৰ ৰূপত থাকিম আৰু নিজে নিজৰ পৰিচয়ৰ কথা বুজি উঠিম।
হে মহান, পৃথিৱীৰ আটাইতকৈ অদ্ভূত শক্তিৰ অধিকাৰী মানৱ , শ্ৰেষ্ঠতাৰ অধিকাৰী ‘মানুহ’, জাগি উঠা আমি আমাৰ সমস্যাৰ মূল হ’ব নোৱাৰো, আমাৰ মাজত থকা সমস্যা আমিয়ে একেলগে দূৰ কৰিব লাগিব য’ত আমি আমাৰ বাবে হ’ম।যত এক সুন্দৰ পথৰ সৃষ্টি হব, য’ত ‘মানুহ’ হ’ব আমাৰ পৰিচয় ।

ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়
সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰ
দুৰ্লভ সোণোৱাল
যোগা-যোগ নং:—৯৮৫৪৭৭৩৯৮৯

সাহিত্য সংস্কৃতি

সাহিত্য জগতৰ ২০১৯চনৰ যুৱ পুৰস্কাৰ বিজয়ী সকলৰ নাম আৰু ভাষা *********************************************

১.সজ্ঞিৱপল ডেকা(অসমীয়া)

২.মৌমিতা মাইতি (বাংলা)

৩.ৰুজব মুছাহাৰী (বড়ো)

৪.সনীল কুমাৰ (ডোগ্ৰী)

৫.তনুজ সোলাকঙ্কি(ইংৰাজী)

৫. অজয় সোনী (গুজৰাটী)

৭.আনুজ লগুণ (হিন্দী)

৮.শ্ৰীধৰ বনবাসী জি.চি(কন্নড়)

৯.সাগৰ নাৰিজ (কাশ্মিৰী)

১০.হেমন্ত বালকৃষ্ণ আইয়া (কংকনী)

১১.অমিত কুমাৰ পাঠক (মৈথলী)

১২.অনুজা অকতূট্ট (মালয়ালম)

১৩.ওইনা জিতেন সিংহ(জিতেন ওইনাম্বা)(মণিপুৰী)

১৪.সুশীল কুমাৰ শিন্দে (মাৰাঠী)

১৫.কৰ্ণবাহাদুৰ চেত্ৰী (নেপালী)

১৬.শিশিৰ বেহেৰা (ওড়িয়া)

১৭.মদ বিন্দৰ সিংসুন্ধু(পাঞ্জাৱী)

১৮.কীৰ্তি পৰিহৰ(ৰাজস্থানী)

১৯.যুৱৰাজ ভট্টৰাই(সংস্কৃত)

২০.গুহিৰাম কিস্ফু(চাওতালী)

২১.সবৰি নাথন(তামিল)

২২.গদ্দম মোহন ৰাও (তেলেগু)

২৩.সলমন আব্দুছ সামাদ (উদু)। ************************

ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ
সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰ
দুৰ্লভ সোণোৱাল —সংগ্ৰাহক

কবিতা

আঘোণে ৰিঙিয়াই মাতিব
***********************
আহিনৰ কুৱঁলীয়ে আনে আশৰ বতৰা
সেউজীয়া পথাৰখনে অজানিতে কৈ যায
কাণে কাণে প্ৰেমৰ বতৰা …
মই মাতৃ সম্ভাৱা হৈছো ।
মৃদু বতাহ জাকে মিতিৰালি কৰে
কৃষকৰ মুখত হাঁহি বিৰিঙে
কাতিয়ে কঙালীক মাতে
ঘৰে ঘৰে …
তুলসীৰ তলত আশাৰ চাকি গছি জ্বলে
ভোগৰ সোণোৱালী তঁৰা ফুল ফুলিব
দুখবোৰ আকৌ নাইকিয়া হ’ব…
মনৰ চাপৰিত,
সেউজী পথাৰখনে এদিন
পিতৃৰ পৰিচয় পাব…
আঘোণে ৰিঙিয়াই মাতিব ।
****************

ডিব্ৰুগড় বিশ্ববিদ্যালয় সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰ
—দুল্লৰ্ভ সোণোৱাল
তাৰিখ:-১১/১০/২০১৯
মোবাইল নং :-৯৮৫৪৭৭৩৯৮৯

***************************।

নীলা খামৰ চিঠি (২)

নীলা খামৰ চিঠি

মোৰ
মৰমৰ মেঘনা,

মোৰ মৰম আকোঁৱালি লবা । ভাল পাওঁ তোমাক প্ৰথম দেখা দিনৰে পৰা।এক অবুজ শিহৰণ জাগি উঠে বাৰে বাৰে। তুমি মোৰ বুকুত ৰুই যোৱা অযুত মৰমক তোমাৰ বাবে বৰ সংগোপনে ৰাখিছো মোৰ উকা হৃদয়ৰ মণি কোঠালিত। তোমাৰ প্ৰতি থকা অলৌকিক গভীৰ ভাল পোৱা বোৰে আজি বৰকৈ দহিছে যানা…সেয়ে তোমাৰ ঠিকনা বিছাৰি , অতদিনে সামৰিথোৱা ডায়েৰীৰ খনৰ পাত বোৰ ইফাল-ইফাল কৰিছো… কলমটি হাতত তুলি লৈছো । আশাকৰো তুমি সুখত আছা , য’তেই আছা ভালেই আছা। তোমাৰ প্ৰতি থকা হাবিয়াসৰ বাবে মই হয়তো পাগলৰ দৰে কবিতা লিখো তাতে আকৌ প্ৰেমৰ কবিতা… প্ৰায় মোক আমনি কৰাহি তুমি। আজি আৰু নোৱাৰিলো, তোমাক বিছাৰি উজাগৰী কটোৱা দিনবোৰে মোক বাৰে বাৰে প্ৰশ্ন কৰিছে। সেয়ে তোমালৈ একলম লিখিব লৈছো।
জানা মুনু , তুমি বিহীন জীৱন মই বৰ অকলশৰীয়া। জীৱনৰ সেউজীয়া ৰং বোৰো এতিয়া হয়তো সেউজীয়া নহয়। কি যানা , এবুকু ক্ষোভৰ আস্ফালন লৈ মই জীয়াই আছো, তোমাক পাইয়ো নোপোৱাৰ বেদনাত । নিজে দহি-খহি ,জ্বলি-পুৰি ছাই হৈ যাব খোজা দেহটো। তোমাক নিচুকোৱা মৰমবোৰে বৰকৈ আমনি কৰে।মোৰ হৃদয়ৰ ৰন্ধে ৰন্ধে মাথো এতিয়া তোমাৰে নাম, প্ৰতিটো ওঁশাহত …
বাৰে বাৰে ভাহি আহে তুমি মাথোঁ তুমি লগা এটি পল… তোমাক বিছাৰি চাওঁ দুলীয়াজান কলেজৰ বকুল আৰু দেৱদাৰু তলে তলে, ক্ষন্তেক ৰ’দ লওঁ সমাজ শাস্ত্ৰ বিভাগৰ পুখুৰী পাৰত আৰু বাট ছাই ৰওঁ বৰাদা হোটেলত বহি… কিজানি তোমাক দেখো ।
মুনু , জানানে তোমাৰ অস্তিত্বক তোমাৰ হিয়াৰ সেই মৌজাকেই কঢ়িয়াই আনে তোমাৰ যৌৱনৰ সুৱাহ বাৰে বাৰে। তোমাৰ বাৰু মনত পৰেনে, সেই যে আমাৰ দিনবোৰ আছিল, তোমাৰ আৰু মোৰ প্ৰেমৰ নদীখনৰ মাজত আমি যে দুয়ো-দুয়োৰ মাজত ডুব গৈছিলো আৰু জীৱনৰ সেউজীয়া ৰং বোৰ উপভোগ কৰাৰ সপোন ৰচিছিলো । আৰু বাৰে বাৰে তোমাক সুধি সুধি অস্বস্তি দিছিলোঁ । “এৰি যাবা নেকি কেতিয়াবা । থাকিবা নাই মোৰ লগত। ইত্যাদি ইত্যাদি। কিন্তু তোমাৰ উত্তৰ এটাই আছিল না’ , মই তোমাৰ, কেৱল তোমাৰ, মই তোমাকে ভাল পাওঁ ,”মৃত্যু পৰ্যন্ত মাথো মই তোমাৰে।” তোমাৰ বাহিৰে কেতিয়াও আনৰ হব নোৱাৰো। তুমি কান্দি দিছিলা । (এই বোৰ) উহ্… ভাবিলে বুকুখন বৰ বিষাই অ’…! কিন্তু মুনু কিয় হ’ল বাৰু এনেকুৱা নিয়তিয়ে সযময়ৰ সোঁতত সকলো সলনি কৰিলে। ভাগি গল মোৰ মনৰ পঁজাতি।আতৰি গ’লা তুমি মোৰ মৰমবোৰ গছকি মোহাৰি। জানো এটা কথা ময়ো , তুমি সেই বকুল ফুলা বাটেদি আৰু পুনৰ নাহা । তথাপি, কিয়জানো অবুজন মই…অথচ জানিও তোমাক পুনৰ কাষত পোৱাৰ আজন্ম হাবিয়াস মোৰ থাকিব চিৰদিন। তোমাৰ চাগেই খঙেই উঠিছে। মোৰ এই অনৰ্গল কথাবোৰ শুনি।বেয়া নাপাবা, কিয়নো মই জানিও নজনাৰ দৰে কৰো ,কাৰণ মই তোমাক মোৰ প্ৰাণতৈ বেছি ভাল পাওঁ হয়তু সেই বাবে…!
জানো তুমি এতিয়া আন এজনৰ হৃদয়ৰ গৰাকী । তাথাপি , আজিও মোৰ মনৰ বাগিছাত ফুলি উঠা তেজৰঙা গোলাপ ফুলৰ গৰাকী তুমি…আৰু আজিবন খৰিকাজাই ফুলৰ উখল-মাখলেৰে ভৰি থাকিব তোমাৰ নামত মোৰ মনৰ পদূলি । যেতিয়াই নিজৰ মাজত পৰিচয়হীন হওঁ তেতিয়া মাথো তপত চকুলো দুধাৰি বাগৰি আহে। এতিয়াতো মাথো দিন-ৰাতি মোৰ জীৱনৰ লগৰী বিচনাখনে হৈ পৰিছে । মুনু কিয় এনে কৰিলা , যেতিয়া জোনাক নামে মোৰ তোমালৈ বৰকৈ মনত পৰে। মনৰ চিলাখনে উৰিব আৰু নোখোজে ,মই পিয়াহত আতুৰ হৈ পৰো। এন্ধাৰে জোনাকক সাবটাৰ দৰে, মোৰ হৃদয়ে তোমাক বিচাৰি হাবাথুৰি খাই পৰে। দেহাটি কঁপি উঠে ,মোক বুজিপোৱা লগ মাথোঁ এতিয়া এখন উকা কাগজত কলমৰ আগেৰে নিগৰি অহা দুটি মান শব্দ।হ’ব আৰু আজিলৈ আৰু নিলিখো । কথাখিনি লিখি তোমাক দুখহে দিলো । বেয়া নাপাবা মুনু তোমাক দুখ দিয়াৰ শাস্তি মই মূৰ পাতি লম। তোমাক পুনৰ পোৱাৰ মোৰ আজন্ম থাকিব হাবিয়াস। ভাল পাওঁ তোমাক আৰু চিৰ দিন ভাল পাই থাকিম।
হ’ব দিয়া , তুমি সুখী হোৱা সদায় হাঁহি থাকিবা মোৰ চুনুমুনু জনীহৈ। মোৰ নিজৰ দুখ বোৰৰ মাজতো তোমাৰ বাবে ৰখা মৰমবোৰ চিৰদিন সজীৱ কৰি ৰাখিম । আজি পুনৰ লিখিলো তোমাৰ নামত এখন চিঠি। ডাকোৱালে তোমাৰ হাতত চিঠি খন দিবনে তুলি । মোৰ মনক সান্তনা লভাবৰ বাবে মই পুনৰ কবিতাৰ কলি লিখিছো… অতীতৰ সেই মধুৰ ক্ষণৰ সৈতে তোমাৰ মৰম ধালি ৰুম পুনৰ মোৰ কৰুণ হৃদয়ত এজোপা তেজ ৰঙা প্ৰেমৰ গোলাপ…।

‌ ইতি
‌তোমাৰ আজন্ম প্ৰেমিক
লভ
ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ
সাংবাদিকতা আৰু গণসংযোগ আধ্যয়ন কেন্দ্ৰ
দুৰ্লভ সোণোৱাল
যোগাযোগ নং:-৯৮৫৪৭৭৩৯৪৯

স্তৱক

(১)

সুখ মোৰ আজন্ম লগৰী
হাঁহি মোৰ জীৱন
দুখৰ পিৰালিত বহি থাকিলেও
সুখে মোক হাত বাউলী মাতে
সপোন বোৰে একেলগে যাত্ৰা আৰম্ভ কৰে ।।

(২)

যিটো গান তুমি গাবলৈ শিকালা
সেই গানটোকে গুণগুণাই আছো
কেতিয়াবা সেই গানটোকে নিজানত শুনিছোঁ
মই ভাগৰি পৰিছোঁ
জীৱন মোৰ হেৰাই গৈছে
তথাপি চেষ্টা কৰিছোঁ ।।

(৩)

কেনেকৈ কওঁ হৃদয়ৰ বেঠা
কেৱল সেই গৰাকীয়ে মাথো
মোৰ দুখৰ কথা জানে
যি জনীয়ে মোৰ হিয়াৰ বিননি শুনিছে
যিহেতু তাই নিজেই মোৰ
ভাঙি থৈ গৈছে হৃদয়।।