গুৰুজনাৰ সাতামপুৰুষীয়া সংস্কৃতিৰ বৰঘৰত নব্য সৃষ্টিৰ বিড়ম্বনা…মতবাদ আৰু ধৰ্ম

গুৰুজনাৰ সাতামপুৰুষীয়া সংস্কৃতিৰ বৰঘৰত নব্য সৃষ্টিৰ বিড়ম্বনা…মতবাদ আৰু ধৰ্ম


“যদা যদাহি ধর্মস্য গ্লানিৰ্ভৱতি ভাৰত
অভ্যুত্থানমধর্মস্য তদাত্মানং সৃজাম্যহম
পৰিত্ৰাণায় সাধুনা বিনাশায়চ দুষ্কৃতান্
ধৰ্ম্ম সংস্থাপনাথায় সম্ভৱামি যুগে যুগে।”


এৰা, ভগৱান শ্রীকৃষ্ণই গীতাত কৈছে—
যেতিয়াই ধৰাত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্রাদুর্ভাৱ বাঢ়ে তেতিয়া সাধুসকলৰ পৰিত্ৰাণ আৰু দুষ্কৃতিকাৰীসকলৰ বিনাশ সাধন কৰি ধর্ম সংস্থাপন কৰিবলৈ যুগে যুগে অৱতাৰ ধৰোঁ। —এই বাণী যিদৰে ধৰ্ম-জগতৰ চিৰন্তন সত্য বুলি মানি লোৱা হৈছে, সেইদৰে ই ইতিহাসততা সত্য। ইতিহাসৰাে পুনৰাভিনয় হয়। চতুর্দশ আৰু পঞ্চদশ শতাব্দীৰ মাজভাগত অসমত ধৰ্মৰ বিপর্যয় ঘটিছিল। অধৰ্মৰ প্রভাৱে মানুহবিলাকক অন্ধ কৰি তুলিছিল। দেৱ-দেৱতাৰ সন্তুষ্টি লাভ কৰি বাঞ্ছিত ফল লাভৰ বাবে জীৱ-জন্তু বলি দিয়াটো নীতিত পৰিণত হৈছিল। মানুহে শদিয়াৰ কেঁচাইখাতী আৰু অন্যান্য থান আদিত উদ্দেশ্য সিদ্ধিতৰ বাবে মানুহাে বলি দিছিল।


আহােমসকলে প্রতি বছৰে একো-একোটাকৈ মানুহ বলি দিছিল ৰজাঘৰীয়া অপায়-অমংগলৰপৰা পৰিত্ৰাণ পােৱাৰ উদ্দেশ্যে। বলিবােৰক “ভােগী” আখ্যা দিয়া হৈছিল। ধৰ্মৰ নামত মানুহৰ ওপৰত নানা অত্যাচাৰ-অনাচাৰ চলিছিল। ইতিহাসৰ এইছােৱা কলংকিত সময়তে পঞ্চদশ শতাব্দীৰ মাজভাগত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল। জনজীৱনলৈ ধর্ম-চেতনা ফিৰি আহিছিল। তেওঁ ধর্ম, শিক্ষা, সাহিত্য, সংস্কৃতিৰ বহুমুখী প্রতিভাৰ ছত্রছায়াত অসমীয়া জাতিয়ে ভেদাভেদ পৰিহৰি একতাৰ ডােলেৰে বান্ধ খাই অসমৰ বুকুত এক মহান সাম্যৰ ৰাজ প্রতিষ্ঠা কৰিছিল। ধর্মীয় জীৱন, সামাজিক জীৱন, ভাষা-সাহিত্য-সংস্কৃতি আদি সকলাে ক্ষেত্ৰতে নৱেন্মেষৰ সৃষ্টি কৰি অসমত নৱজাগৰণৰ সূচনা কৰিছিল। মহাপুৰুষজনাৰ জ্ঞান-জ্যোতিৰ পৰশে সমগ্র অসম উদ্ভাসিত কৰি তুলিছিল!এৰা, এখন ৰুগ্ন আৰু ভগ্ন সমাজত জ্ঞানৰ পোহৰ সিঁচিবলৈ তেওঁ অশেষ কষ্ট স্বীকাৰ কৰিছিল৷শংকৰদেৱৰ ধৰ্মত ক্ৰিয়া-কাণ্ডৰ বাহুল্য নাই৷নাই কোনো ধৰণৰ বাহ্যিক আড়ম্বৰ৷শংকৰদেৱে অন্ধ-বিশ্বাসৰ পৰম্পৰাস্বৰূপ বলি-বিধান,যাগ-যজ্ঞ,মূৰ্তি পূজা আদিৰ বিৰোধিতা কৰিছিল৷এখন সমতা আৰু মানৱতাবোধৰ ভেটিত প্ৰতিষ্ঠিত সমাজ শংকৰদেৱৰ কাম্য আছিল৷সেয়ে ক’ব পাৰি— “শংকৰদেৱৰ কৰ্ম মানৱাত্মাৰ মুক্তিৰ কৰ্ম৷”(নিৰ্মলপ্ৰভা বৰদলৈঃ সংস্কৃতি আৰু শ্ৰীশ্ৰীশংকৰদেৱ(প্ৰৱন্ধ),শংকৰদেৱঃ সমাজ আৰু সংস্কৃতি, সম্পা. প্ৰদীপজ্যোতি মহন্ত, পৃঃ ১১৬)। গুৰুজনাৰ সেই জ্ঞান-জ্যোতিৰ অন্যতম সৃষ্টি হ’ল ভাওনা—
পুনঃ সূত্ৰ।। আহে সঙ্গী,আকাশে কি বাদ্য বাজতঃ ৷৷
সখী আকাশে দেৱ দুন্দুভি বাজতঃ ৷৷
আঃহে পৰম পুৰুষ শ্ৰীকৃষ্ণ মিলল মিলল মিলল ৷৷
শ্লোক।।প্রৱেশমকৰোৎ কৃষ্ণঃ সংগে বীৰোদ্ধৱস্তদা।
ছত্র চামৰ সংযুক্তো যোগেশঃ সহ যাদৱৈঃ।।
এৰা, কিযে সুমধুৰ অপূৰ্ব কথনশৈলী ৷ এনেদৰেই আৰম্ভ অসমীয়া সংস্কৃতিৰ সৌধ ভাওনা ৷ “কৃষ্ণস্তু ভগৱান স্বয়ং” এই কথাষাৰিকেই সাৰোগত ৰজিতা কৰি ভগৱান শ্ৰীকৃষ্ণৰ গুণ-গৰিমা তথা কৃষ্ণসংস্কৃতিক ৰাইজৰ মাজত বিলাই দিবলৈ গুৰুজনাই যি আপ্ৰাণ চেষ্টা কৰিছিল সেইয়া যেন বৰ্তমানে ক’ৰবাত হেৰাই গৈছে ৷
আজিৰ পৰা কুৰি বছৰৰ আগলৈকে ভাওনাৰ যি গম্ভীৰতা আছিল,গীত,কথা সুৰৰ যি মাদকতা আছিল সেই সমুহে যেন বৰ্তমানে আধুনিকতাৰ ক’বলত পৰি ক’ৰবাত নহয় ক’ৰবাত তাত্ত্বিকতা হেৰুৱাইছে ৷ নামঘৰৰ মজিয়া শুৱনি কৰি সপ্তবৈকুন্ঠ,পূৰ্ণব্ৰহ্মস্বৰূপ ৰত্নসিংহাসনত মুৰ দোৱাই ভাও দিবলৈ আগবঢ়া গাঁৱলীয়া পাহুবাল ডেকা-চেমনীয়া জাকৰ ঠাইত এতিয়া মগাই অনা মানুহচামৰ দপদপনিয়ে ঠাই ল’লে…. টকাৰ পিছে পিছে ভাও কিনা-বেছা৷ আচলতে ভাৱৰীয়াবোৰ ভাৱৰীয়া হৈ ন’ৰল,এককথাত ভাৱৰীয়া গুচি অভিনেতা হ’ল ৷ নামঘৰৰ কেঁচা মজিয়াৰ গোৱৰ আৰু ৰঙামাটিৰ প্রলেপৰ ঠাইত জাকতজিলিকা মঞ্চই অসমীয়া সমাজক ইতিকিং কৰি থিয় দি থাকিল৷ নিভাঁজতাবোৰত পয়ালাগিল সমাজখনত!গুৰুজনাৰ সৃষ্টিতকৈ নিজকে উৰ্ধত ৰাখি সমাজৰ একাংশই ভাওনা প্ৰতিযোগিতাৰ নামত বহুৱালি কৰিবলৈ উঠি পৰি লাগিল৷ এৰা,কথা ক’লেও ওলাই যায় নকলেও নোৱাৰি…হৰি ভকতে দুখ ধৰে বুলিয়ে ভয়, কিযে বিৰম্বনা। ওৰে ৰাতিও ভাও কৈ শেষ কৰিব নোৱাৰা এখন ভাওনা প্ৰতিযোগিতাৰ নামত,ব্যস্ততাৰ অজুহাতত মাঁথো তিনি চাৰিঘন্টাত শেষ কৰি সংস্কৃতিক ভেঙুচালি কৰিব পৰাকৈ এচাম “ভাওনা বিশেষজ্ঞ”ৰ সৃষ্টি হ’ল…৷ যাৰ যি মন যায় তাকে কৰি নিজকে সৰ্বে-সৰ্বা সজাই আঙুলিৰ ঠাঁচত ঘুৰি ঘুৰি ছিন্ন-বিচ্ছিন্ন হ’ল গুৰুদুজনাৰ এই অনুপম সৃষ্টি ৷ দুচকত ধূলি চতিয়াই লোকৰঞ্জনৰ নামত বিশেষজ্ঞই সৃষ্টি কৰা নিয়মাৱলীয়ে যেন যুগদ্ৰষ্টাৰ সৃষ্টিক পখালি পেলাইছে ৷ নামঘৰৰ ভিতৰচ’ৰাত আখৰাৰে ৰজনজনাই থকা পৰিৱেশটো,ভাও দিয়াৰ নামত গঞা ডেকাৰ মাজত হোৱা খুহুতীয়া কথাবোৰ,হাঁহিবোৰ,বচনৰ ভাগ বিতৰণৰ সময়ত ভাও দিয়াজনৰ মনত সৃষ্টি হোৱা আকুলতাবোৰ,নাট সামৰণিৰ সময়চোৱাত ভাৱৰীয়াৰ বুকুত জাগি উঠা আধ্যাত্মিকতাৰ ভাৱবোৰ যেন ক্ৰমশঃ কালৰ বুকুত হেৰাই গৈছে ৷ ৰজাৰ সিংহাসনখনৰ কাষত বহিবলৈ উচপিচাই থকা কণমানিহঁতৰ আব্দাৰবোৰ,সৰি পৰা ধনুৰ কাড়পাত তুলি আনি পিচদিনা লগবন্ধুৰ লগত বচন আওঁৰাই কৰা ধেমালীবোৰ সময়ে দলি মাৰি পেলাই দিলে ৷ আঁৰিয়া,মহতা,চৌতৰা,ভোটা চাকি,ডলা চাকিৰ ঠাইত হেল’জেনে পোহৰ বিলাবলৈ লওতেই সংস্কৃতি কোনোবাখিনিত আন্ধাৰ হৈ পৰিল….৷ গুৰুজনাৰ ভাওনা সংস্কৃতিক অৱগাহন কৰি ভুৰুকাত হাতী ভৰাবলৈ যোৱাৰ দৰে এচামে আধ্যাত্মিকতাৰ নামত যি ভেঙুচালি কৰি আছে বাহিৰে ৰংচঙী ভিতৰে দেখাত কোৱাভাতুৰীৰ দৰে, এৰা— সেইয়া সমাজৰ বাবে ৰঙা মদাৰৰ বাদে আন একো নহয় ৷ ভাওনাক মুল সুঁতিৰ পৰা আতঁৰাই নি নিজকে গুৰু সজাবলৈ যোৱা তথাকথিত বিশেষজ্ঞসকলৰ সাহসক অসমীয়া সমাজখনে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে ৷ কিয়নো এই ভাওনাৰ লগত সংপৃক্ত হৈ আছে মহাপুৰুষ দুজনাৰ এক মহৎ উদ্দ্যেশ্য ৷ এই উদ্দ্যেশ্যক এলাগী কৰি অসমীয়া সমাজে মুৰ ডাঙি থিয় হ’ব নোৱাৰে ৷ যুগদ্ৰষ্টাৰ সৃষ্টিক কুটিল হাতোৰাৰ আচোৰ লাগিবলৈ দিলে এই অসমীয়া সমাজৰ বৰঘৰটিৰ লাইখুঁটাত ঘুণে যে নিবিন্ধব বা মামৰে নধৰিব তাক নুই কৰিব নোৱাৰি ৷ ন বিধ ভক্তিক সাক্ষী কৰি ভাওনাৰ আখৰাতলীত ওপৰমুৱাকৈ থিয় হৈ থকা অগ্নিগড়ৰ চাকিকেইগছি গুৰুজনাই জ্বলাই থৈ যোৱাৰ দৰেই জ্বলি থাকক৷নপুংসকতাৰ ৰহণ নাহানিব…সেই চাকিটো যদি যুগধৰ্মৰ দোহাই দি কৃত্ৰিমতাৰ ৰং সানে তেতিয়াই সংস্কৃতিৰ বুকুত বিভূতিৰ ক’লা দাগ লাগি ৰ’ব ৷ গঞা ৰাইজৰ বুকুৰ উমেৰে জীপাল হৈ থকা গুৰুজনাৰ ভাওনা প্ৰতিজন অসমীয়াৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চিৰপ্ৰোজ্জ্বলিত হৈ ৰওক তাৰে কামনা কৰোঁ৷
সূত্ৰঃ—আহে সামাজিক লোকঃ দেখহ শুনহ নিৰন্তৰে গুৰুজনাৰ সাতামপুৰুষীয়া সংস্কৃতিৰ বৰঘৰত নব্য সৃষ্টিৰ বিড়ম্বনা নাম-লেখা সম্পূৰ্ণ ভেল ৷ ইহা জানি : হৰি বোল হৰি বোল ৷৷
অপৰাধ মাৰ্জনাৰে—
অপৰাধ বিনাশন
তযু নাম নাৰায়ণ
জানি নামে পশিলো শৰণে,
আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি
তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিয়ো চৰণে।। (অপৰাধ ৰঞ্জন ঘোষাঃ৪)
এৰা,গুৰুজনাৰ সৃষ্টি-কৃষ্টি মানৱ জাতীৰ অমূল্য অবদান! মতবাত আৰু ধৰ্ম প্ৰচাৰ যাউতীযুগীয়া যুগে যুগেযুগে—
“যত জীৱন জঙ্গম কীট পটঙ্গম
অগনগ জগ তেৰি কায়া’
ভগৱানেই সর্বময় কর্তা; “একমেবাদ্বিতীয়।” তেৱেঁই স্রষ্টা, তেৱেঁই দ্রষ্টা, তেৱেঁই ধাতা, তেৱেঁই ত্রাতা আৰু তেৱেঁই সংহাৰোতা। সৃষ্টি, স্থিতি, প্ৰলয়ৰ তেৱেঁই অধিকাৰী। এই মতবাদৰ ভিত্তিতে তেওঁ এক শৰণ ভাগবতী ধর্ম প্রবর্তন কৰে আৰু সেয়ে পাছত মহাপুৰুষীয়া ধর্ম বা বৈষ্ণব ধর্ম নামে অভিহিত হয়। একান্ত ভক্তিভাৱে হৰিত শৰণ লৈ তেওঁৰ নাম শ্রবণ, কীর্তন কৰি সংসাৰৰ পাপ-তাপ, জৰা-ব্যাধিৰপৰা মুক্ত হৈ পৰমপদ লাভ কৰিব পাৰি। গীতাত ভগৱানে কৈছে- “সৰ্ব্ব ধর্মান্ পৰিত্যজ্য মামেকং শৰণং ব্রজ। বৈষ্ণৱ ধৰ্মৰ এয়ে মত- “এক দেব, এক সের, একত বিনে নাই কেও।”
শ্ৰীমন্ত শংকৰদেৱৰ মতে-
“কুকুৰ, শৃগাল, গর্দভৰাে আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিবা প্রণাম।” 
সেয়েহে তেওঁৰ ধৰ্মত অস্পৃশ্যতা, জাতি ভেদ, জীৱ-হিংসাৰ স্থান নাই। তেওঁৰ ধৰ্মত সাম্য আদর্শ নিহিত আছে। নগা, মিৰি, খাচী, গাৰাে, যৱন- সকলােৱে তেওঁৰ মহান ধৰ্মৰ প্রতি আকৃষ্ট হৈ তেওঁৰ শিষ্যত্ব গ্রহণ কৰিছিল।
মুঠতে গুৰুজনাই কুৰি বছৰীয়া মানৱী-লীলাৰ কালছােৱাত অসমীয়া সমাজখন আটক ধুনীয়াকৈ সজাই-পৰাই, বৈষ্ণৱ ধৰ্মৰ মহিমাৰে পৱিত্ৰ কৰি, ভাষা-সাহিত্য, সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি, অসমীয়াৰ কণ্ঠত গৌৰৱৰ, গৰিমাৰমহিমাৰ জয়মাল্য পিন্ধাই থৈ গ’ল। একেজন পুৰুষেই ধর্ম, ভাষা, সাহিত্য-সংস্কৃতি আৰু সমাজবাদ প্রতিষ্ঠাত ইমানবােৰ অৱদান, অৰিহণা দি যাবলৈ সক্ষম হােৱা মহাপুৰুষ ভাৰত কিয়, পৃথিৱীৰ বুৰঞ্জীতে শ্ৰীমন্ত শংকৰদেৱৰ বাদে দ্বিতীয় এজন অৱতাৰ হােৱা নাই । তেওঁ মানৱলীলা সম্বৰণ কৰােতেও এপাহ পদুম ফুলৰ ৰূপতহে অৱশিষ্ট ৰাখি থৈ গৈছিল জনসমাজত।
এৰা, শেষত কওঁ যে— সমাজত জাত-পাতৰ প্ৰকোপ, বিশেষকৈ বিয়া-বাৰুৰ ক্ষেত্ৰত, এতিয়াও বৰ্তি আছে। এসময়ত গুৰুজনাক চৈতন্যদেৱৰ শিষ্য বুলি প্ৰমাণ কৰিবলৈ কৰা চেষ্টা অথবা গুৰুজনাৰ সৃষ্টিৰাজিক সম্পাদনা কৰি ভুলকৈ ছপা কৰাৰ দৰে ঘটনা বহু সময়ত তাৰ উদাহৰণ পোৱা যায় অনাগত দিনতো যে নঘটিব, সেয়া দৃঢ়ভাৱে ক’ব নোৱাৰি। একশৰণ নামধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰো আজিৰ তাৰিখত ক্ষীণ। এনেবোৰ কাৰণতে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ দৰে এক অনুষ্ঠানৰ উপস্থিতি বৌদ্ধিক তথা সামাজিক স্তৰত অতি জৰুৰী। সেইবাবে কালৰ লগত খোজ মিলাই নতুনত্বৰ মাজেৰে বিবৰ্তনৰ যি নীতি-নিয়মত সংশোধন কৰি, বাহিৰা যিকোনো শক্তিৰ লগত ফেৰ মাৰি ধৰ্মালোচনাৰ মাজেৰে কলিত নামধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি, বহল মনোভাৱেৰে সকলোৰে মনত প্ৰথমে কৃষ্ণপ্ৰেমৰ অৱস্থিতিৰ ফুলমালা স্থাপন কৰি সেই অৱস্থিতিকে আনন্দ আৰু পাছলৈ আসক্তিলৈ ৰূপান্তৰ কৰি কেৱল অসমতেই নহয়, বিশ্বৰ বিভিন্ন ঠাইত শঙ্কৰদেৱ সংঘ আগুৱাই যাওঁক— আমি মূঢ়মতিয়ে তাকেই কামনা কৰোঁ! শেষত সবাৰে কল্যাণ হওক—
মোৰ দোষ গুণ নিবিচাৰি নাৰায়ণ।
নিজ কৃপা গুণে হয়োক প্ৰসন্ন।

বিঃদ্রঃ— তথ্যসমূহ সংগ্রহ কৰা হৈছে।
—দুৰ্ল্লভ সোণোৱাল।
ডিব্ৰুগড় বিশ্ববিদ্যালয়।
ফোনঃ— ৯৮৫৪৭৭৩৯৮৯
৯/০৯/২০২৩

Design a site like this with WordPress.com
Get started