লিমাৰিক (এক)

(১)

সুখ মোৰ আজন্ম লগৰী
হাঁহি মোৰ জীৱন
দুখৰ পিৰালিত বহি থাকিলেও
সুখে মোক হাত বাউলী মাতে
সপোনবোৰে একেলগে যাত্ৰা আৰম্ভ কৰে ।।

(২)

যিটো গান তুমি গাবলৈ শিকালা
সেই গানটোকে গুণগুণাই আছো
কেতিয়াবা সেই গানটোকে নিজানত শুনিছোঁ
মই ভাগৰি পৰিছোঁ
জীৱন মোৰ হেৰাই গৈছে
তথাপি চেষ্টা কৰিছোঁ ।।

(৩)

কেনেকৈ কওঁ হৃদয়ৰ বেঠা
কেৱল সেই গৰাকীয়ে মাথো
মোৰ দুখৰ কথা জানে
যি জনীয়ে মোৰ হিয়াৰ বিননি শুনিছে
যিহেতু তাই নিজেই মোৰ
ভাঙি থৈ গৈছে হৃদয়।।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য স্মাৰক বক্তৃতা সম্পন্ন

************************************ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰ আৰু ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য স্মাৰক ন্যাসে আয়োজন কৰে, ৰামধেনু যুগৰ শ্ৰষ্টা ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৯৫ সংখ্যক ওপজা জন্ম দিৱসৰ উপলক্ষে পঞ্চম বাৰ্ষিক বক্তৃতা অনুস্থান। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰ দ্বাৰা আয়োজিত কৰা হয়, ইন্দিৰা মিৰিয় সভা কক্ষত । প্ৰথমৰে পৰা অনুস্থানটোৰ আত ধৰে গণসংগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক দিব্যজ্যোতি শৰ্মা ছাৰে। ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ পঞ্চম বাৰ্ষিক স্মাৰক বক্তৃতা অনুস্থান সফলভাৱে আয়োজন কৰা হয়, বিয়লী তিনি বজাত। অনুষ্ঠানটোৰ আৰম্ভণিতে সাংবাদিকতা আৰু গণসংযোগ মাধ্যমৰ তৃতীয় সান্মাষিৰ ছাত্ৰীৰ দ্বাৰা ভট্টাচাৰ্যৰ ডাঙৰীয়াৰ জীৱন শৈলী বিষয়ে চমুকৈ পাঠ কৰে… কবিতাৰ ছন্দময় লহৰে ! লগতে চমুকৈ ভট্টাচাৰ্য ডাঙৰীয়াৰ জীৱন কাহিনীৰ বিষয়ে একোখন ভিডিঅ’ছবি দেখুৱায় ।
সভাখনত বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয় ড০ ৰঞ্জিত তামুলী, গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সন্মানীয় অধ্যক্ষ প্ৰধান ড০ সৈত্যকাম বৰঠাকুৰ, শ্ৰীসুশান্ত তালুকদাৰ,ড০ দীপাংকৰ ভট্টাচাৰ্য , ৰত্না ভৰালী তালুকদাৰ বাইদেউ,প্ৰৱক্তা বৃন্দসকল, আৰু অসম আদিত্য সম্পাদক নিৰ্মল চাহোৱাল ডাঙৰীয়া, আমন্ত্ৰিত ব্যক্তি সকল, উপস্থিত অতিথি সকল আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে । গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ জনায় সকলোকে আদৰণি জনায় । শ্ৰদ্ধাৰ শিক্ষা গুৰুসকলক কিতাপৰ টোপোলাৰে আৰু একোখনকৈ ফুলাম গামোচাৰে সন্মান জনোৱা হয় । আদৰণি ভাষণ ড০ দীপাংকৰ ভট্টাচাৰ্য ডাঙৰীয়াই আগৱঢ়ায়, উপাচাৰ্য ডাঙৰীয়াই বন্তি প্ৰজ্বলন কাৰ্য্যসূচী ৰূপায়ন কৰে। তাৰ পিছতেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ বিষয়ে গুণমুগ্ধ ভাষণ আগৱঢ়ায় আৰু অনুস্থাটোৰ মূল কাৰ্যসূচীৰ শুভা আৰম্ভ কৰে। অনুষ্ঠানটোৰ মুখ্যমণি স্বৰুপ ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ জীৱন সৈলী বিষয়ে বক্তৃতা প্ৰদান কৰে , সন্মানীয় বিশিষ্ট সাংবাদিক শ্ৰীসুশান্ত তালুকদাৰে । বক্তৃতা অনুষ্ঠানটোৰ মূল বিষয় বস্তু হ’ল (Topic):-Quest for a new framework of conflict resolution in India’s North-east. সুশান্ত তালুকদাৰৰ ভাষণে পৰিবেশটো জীপাল কৰি তুলে। তেওঁ ভিন্নধৰণে অৰ্থপূৰ্ণ ভাবে ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জীৱন নিৰ্বাহ বিষয়ে সন্দুৰ বৰ্ণনা আগৱঢ়ায় , ভট্টাচাৰ্য ডাঙৰীয়াৰ জীৱনত সংঘটিত হোৱা ঘাট-প্ৰতিঘাটৰ বাস্তৱিক জীৱনৰ চিত্ৰখন অবগত কৰে, তেওঁ বিশেষকৈ ভট্টাচাৰ্য ডাঙৰীয়াৰ জীৱন লগত সংগতি ৰাখি উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক দিশটোৰ কথা অবগত, কৰাৰ লগতে অতীতৰ পৰা বৰ্তমান অবস্থালৈ যি সমস্যা আছে সেই সমস্যাৰ কথা সমাধান কেনেকৈ কৰিব পৰি তাৰ বিষয়ে কোৱাৰ উপৰিও খাদ্যভাসৰ বিষয়ে মন্তব্য আগবঢ়ায়, ভট্টাচাৰ্য ডাঙৰীয়াৰ কৰ্ম জীৱন, চাৰিত্ৰিক ,শাৰীৰিক-মানসিককক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক,সংস্কৃতিক, সাহিত্যক, কাব্যিকতাৰ বিষয়ে সলসলীয়া ভাবে শ্ৰীসুশান্ত তালুকদাৰৰ সাৱলীল, গুৰু-গম্ভীৰ, সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে, উক্ত ভাষণে সকলোকে গুণমুগ্ধকৰে । আৰু শ্ৰী সুশান্ত তালুকদাৰে আগৱঢ়োৱা বক্তৃতা অনুষ্ঠানৰ বিষয়ৰ ওপৰত ভিন্নজনে প্ৰশ্ন আগৱঢ়ায় আৰু সুন্দৰভাৱে সুশান্ত তালুকদাৰ ছাৰে উত্তৰসহ বুজাই দিয়ে। শলাগৰ শৰাই আগবঢ়াই সন্মানীয় গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপিকা শ্ৰীমতী কান্টাকাবেৰী সোণোৱাল বাইদেউৱে।
*********************************** ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ। গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰ। দুৰ্লভ সোণোৱাল । সময়:-৯.১৫ তাৰিখ:-১৪/১০/২০১৯ চন।

কবিতা (এক) সুখ দুখৰ কবিতা লিখা কবিজন

সুখ দুখৰ কবিতা লেখা কবিজন (প্রকাশিত) *************************

চিৰশয্যাত পৰি থাকা ককা দেউতাৰ

পুৰণি কাহটো উকাই আহিল…

বাঁহীৰ সুৰ এতিয়া শুনা নাপাওঁ, শুনা নাপাওঁ সাধুকথাৰ গুণ-গুণনি

তেওঁ ওঁঠত নলয় আজি সুখ দুখৰ কবিতা

বৰ সংগোপনে কামিজৰ তলেদি সেক দি থাকে বাৰে বাৰে অসুখীয়া বুকু । ‌

কোনেও নেদেখা যন্ত্ৰণা বিহীন

বুকুৰ গভীৰত ককাদেউতাৰ ফুলি উঠে এপাহি-দুপাহিকৈ

অলেখ সুগন্ধি তেজ ৰঙা গোলাপ…

কাহটো লৈয়ে তেওঁ ভ্ৰমি ফুৰে অৰঙে-দৰঙে,চহৰে-নগৰে

আৰু যে ক’ত… ‌‌

ককাদেউতা ঘৰ এৰি গুছি যোৱাৰ খবৰ পাই পাৰ কেইযুৰী নিমাত হ’ল

আৰু কাজলী ছাগলী জনী

কোনেও ওঁঠত লোৱা নাছিল কবিতাৰ আখৰ কাৰণ… গধূলি নাতি ল’ৰাক কন্দোৱাই

সুখ-দুখৰ কবিতাৰ আখৰ লিখা কবিজনে সমৰিলে জীৱনৰ শেষ চিঠি।

Dibrugarh University

সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰ

✍️দুৰ্ল্লভ ৰংছোৱাল(সোণোৱাল)!

চন :-১২/১০/২০১৯ সয়ম:-১.১১

ফোন নং:-৯৮৫৪৭৭৩৯৮৯

Design a site like this with WordPress.com
Get started