দিচাংপৰীয়া


**************************************
আই ঐ বোপাই ঐ
কোন ক’ত আছ
দিচাংৰ দাঁতিত জাকৈ বাবলৈ
মোক খালৈ ধৰা ল’…!

পিতায়ে উঠে ঢল পুৱাতে
গৰু-খেদাও ঘোৰ ঘোৰ
তেনেই চায়ামায়া অকঁৰা-অজলা
গাঁৱলীয়া চহা মানুহবোৰ…!

আই চিঞৰে আহে ঐ আহ

খাই ল’হি আহে
ফিকা চাহ,সান্দহ গুৰি
ম’হৰ খুঁটিত গাখীৰ খীয়াব লাগে
অলপ খৰধৰ কৰিবি।

জেলেপা-জেলেপ কাপোৰ-কানি
মুখত মৈলাৰ আৱৰ
টঙনা-টঙনি বাঁহৰ মূড়া
জুই ফুৰাব ভাল বৰ…

ভোৰভোৰণি তুলি বনপাত সিজাই
এইজনী কাৰো হয় গৃহিণী
আইনা-জেলেঙাত ঔটেঙা দুৱং
দৰিকণাৰ মৰ যে ফুটনী…!

প্ৰাৰ্থনাৰ সুৰেৰে কিনো কোৱা
বেজৰ মুখত খৰে খালে
গাই-বাই চাই কিনো পাবা
জোঁকৰ মুখত চূণ…!

ৰৈ বৈ যায় ৰঙীয়াল মানুহ
কৰ্মই দি যায় বাট…
দীঘলীয়া দিচাং বৈ যাবৰ মন
ইতিহাসৰ গভীৰ ভাষা।

ফুঁ মাৰিবলৈ নাই গঙাটোপা
বাটুলগুটিৰ খবৰ কেনে…?
টেপেনা ককাক সুধিবা বাৰু ধেনু
বাদুলী বুলি মাতিবলৈ

নাই দেখোন কোনো।

আহিবা এদিন চাবাহি ৰং
বৰডুৱীত বৰশী বাবা
ৰৌ-বৰালী ক’ত কি লাগে ধৰি এসাঁজ
আনন্দ মনে খাবা..!

আহোতে আহিবা তিনি আলিত সুধিবা
মোলেশ্বৰে পৰিচয় দিব…
নামঘৰীয়া হিচাপে থাকিব পুনা-চিধাৰাম
সৱাৰে কল্যাণ হ’ব।

সোঁৱে হাবি বাওঁৱে নদী
দিনতে ওলাই বাঘ
ল’ৰা-তিৰুতাই লগে ভাগে যায়
গছেও লগায় মাত…!

দীঘল দি আছে সাপ হৈ পৰি
মঠাউৰি কাষতে গাওঁ
জনাই জানে বুজাই বুজে
ভেকেন মেধিৰ আৰ্শীবাদ…!

মিচিল,লাম্বা,ভিগু,মৌজাদাৰ
কুমুটৰ খবৰ কেনে…
কেশৱ,অভিৰাম,নৱ,যদু মাষ্টাৰ
খোজত খোজ মিলে।

টকলা, ললিতে মুখপানী জাৰে
মেঘই বান্ধে তাবিজ,
বেনুধৰ বায়নৰ উক্তি সৰ্বউত্তম…
নৰনেৰ মন্ত্ৰমুগ্ধ কথা
সমাজে কয় তেখেতসৱৰ সমান
নাই জ্ঞানী ককা।

দুলাল-বীন জাকৈ সজাঁত পাকৈত
বালিৰজা, মিঠাৰাম সাক্ষী…
নগেন ককাৰ নাম ল’লে
মিনাৰাম হ’ব সুখী…!

ক’বলৈ গ’লে বহু কথা
কবিতা নহৈ ৰচনা একোখন হ’ব
তথাপিও লিখিব খোজোঁ
ৰাইজ এই অধমক দুখ নধৰিব…!

সোণপৰুৱাই মাৰিলে ল’ৰ
বনফৰিংৰ বোকোচাত উঠি
পানীৰ ৰং নাই বাবেই
চৰাই আকাশলৈ উৰে
সোণৰ পাখি মেলি….!

কোনোবা দশকত দিচাংৰ দাঁতিত
মহেশ্বৰ নামে আছিল দান বীৰ
দিন বাৰ চাই ৰোপণ কৰিলে
জ্ঞান বৃক্ষ,হে মহানজন তুমি জ্যোতিৰ।

দুখৰ বৰষুণত জুৰুলি-জুপুৰি
শিপা খামুচি মাৰে
হাউলি যাবলৈ নিদিবা বান্ধৈ
অ-আ-ক-খ-গ আৰম্ভ কৰে।

সেউজীয়া হৈ এটি-দুটি বীজ
পোখা মেলিব ধৰে…
এক-দুই-তিনি থিয়দি পঢ়িবা
মনত ৰব তেহে…!

আহে ধধ,আহে কান্দোৰা
দবল, মধুবক মাত
ছয়ত্ৰিশৰ যুক্তিত আঁত ধৰিবলৈ
তেলঙ্গাঙকো লগত আন…!

জৰী গছৰ দীঘল লতাই
বাট ভেঁটি ধৰে….
জগত ককাই ৰাতিপুৱাতে
দুমাইল খোজ কাঢ়ে…

গৰু-গাই বান্ধি ল’ৰা-লৰি…
ৰবৰ সময় নাই,
হাল বলধ‌ হালত এৰি
ঘৰলৈ ঢপলিয়াই….

হাল-কোৰ মাৰি, তেল-টেঙা গহি
হাতত থৈলা লোৱা,
কিতাপৰ মোনা পিঠিত বান্ধি
ক’লৈ দৌৰ মাৰা….!

আহে লোহিত,উত্তম-অচিনীক‌ মাত
ডিম্ব-নিত্যা ৰৈ আছে ফালনাকো এবাৰ মাত
গোৱাটিৰ বাটে যাব লাগিব
প্ৰদীপকো এবাৰ কোৱা…
আম গছৰ তলত আম পৰি আছে
তাৰে দুটামান লোৱা।

ফনিধৰ, লঙ্কেক বাটতে পাবা
থাকিব লগত মধু…
ধৰাছলি গুটি  বুটলা যদি
সেই ঘাটে পাৰি আনিবা বনপিঠা-লেটেকো…!

আহোতে যাওঁতে চোৰাতে ঢাকে
উজুতত মৰে নখ…
বন কুকুৰাই পাখি জোঁকাৰে
শিয়ালৰ ৰাগীয়াল সুৰত…!

খেতিয়ে-পথাৰে নদন-বদন
বছৰৰ ভাত জোৰে…
খাই বৈ সকলোৱে হৰিৰ গুণানুকীৰ্তন কৰে…

জ্ঞানৰ পোহৰ  গুৰুৱে দিব
ফুলিব বোকাত পদুম;
ডালত বিনাব ক’লাকৈ কুলিটি….
সৰিব জোনাকৰ বৰষুণ।

ৰৈ ৰৈ চাব বাটৰুৱাই
পৰাণ জুৰুৱা হাঁহি…
নকৈ সূৰুযে ৰ’দ চিটিয়াৱ
চোতালত বৰপিড়া পাৰি!

দণ্ডী ছাৰে…আশেৰে বাট চাই
মনত অযুত সপোন
কলীয়া আৰু ৰবীন ছাৰ কৰ্মত বৰ নিপুণ।

প্ৰহ্লাদ ছাৰৰ মৰমৰ মাতত শিষ্য যায় ভুল
ভূধৰ ছাৰৰ ৰঙা চুকত কঁপি যায় বুকু…!

সোমেশ্বৰ,মেঘনাথ,প্ৰমোদ ছাৰৰ
গহীন-গম্ভীৰ মাত…
চেতিয়া ছাৰ, পদ্মিনী বাইদেউ আৰু
ৰাজু ছাৰ…
অংক পঢ়ালে ৰ’বকে নোৱাৰে
মাজতে এপাক কাল ভাঙি যায়…!

লৰি-ঢাপৰি তৰংগ কল্লোল আহে লগত বন্ধুবৰ্গ
মুখত হাঁহি,মনত হেঁপাহ…
ৰ’দ-বৰষুণ নেওচি শ্ৰেণীত সদা উপস্থিত হ’য়…

মাটিৰে সজা গছ পুলিটি বতাহে কোৱাই যায়
কলহৰ কাণে ঢলা পানী পৰি
ক’ত বাৰ যে ঠাল-ঠেঙুলী হেৰায়…!

ধুমুহাৰ পিছতো আকৌ পুনৰাই
থিয় দি ৰয় বৃক্ষ হোৱা মনত…
দুই-এজনে সাৰ পানী যাচে
এই মৰতত…!

জুই ফুলৰ হেঁপাহত
যি কথা বুজাই ক’ব নোৱাৰি
তেনে কথাবোৰেই
সকলোতকৈ অৰ্থময়…!

জ্ঞান মন্দিৰত সেৱা আগৱঢ়াই
ক’ত কিমান আহিল আৰু গ’ল…
পূজাৰ বেদিত নিৰ্মালি হৈ মাথোঁ
এমুঠি হে ৰ’ল….

তিলোমণি বাইদেউ, পিম্পু, ৰাজীৱ, সুশীল
ছাৰে নতুন আদৰ্শ মালা গাঁঠি
আজীৱন ইতিহাসত খোদিত হ’ল।

পকা ধানৰ গোন্ধ হালধীয়া
মনত বহুত বেথা…
সচাঁ কথা ক’বলৈ গ’লে
দুখীয়া ঘৰৰ হৃদয়ৱান জনৰ
সপোন কেঁচ বছাঁ….!

আজি দিচাংপৰীয়া পূৰ্ণ বৃক্ষ
আশাৰ বিলাই পোহৰ…
আশীৰ্বাদ কৰা হে মহান,তোমাৰ প্ৰতিশ্ৰুতিৰ
দুয়োখন হাতৰ সৃষ্টিৰ সম্ভাৱনা।

Design a site like this with WordPress.com
Get started